জনতা ভৱনত দিব্যাংগ সকলৰ সংগঠনৰ নেতৃত্বৰে মন্ত্ৰী পীযুষ হাজৰীকাৰ বৈঠক

জনতা ভৱনত দিব্যাংগ সকলৰ সংগঠনৰ নেতৃত্বৰে মন্ত্ৰী পীযুষ হাজৰীকাৰ বৈঠক

author-image
asomiyapratidin
New Update
জনতা ভৱনত দিব্যাংগ সকলৰ সংগঠনৰ নেতৃত্বৰে মন্ত্ৰী পীযুষ হাজৰীকাৰ বৈঠক

ডিজিটেল ডেস্ক: অসম চৰকাৰৰ সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই মঙলবাৰে জনতা ভৱনৰ নিজ কাৰ্যালয়ৰ সভাকক্ষত অসমৰ দিব্যাংগ লোকসকলক প্ৰতিনিধিত্ব কৰা সংগঠনসমূহৰ নেতৃবৃন্দৰে এক বিশেষ আলোচনাত মিলিত হয় । সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগৰ আয়ুক্ত, সঞ্চালককে ধৰি শীৰ্ষ বিষয়াসকলৰ উপস্থিতিত মন্ত্ৰী হাজৰীকাই সংগঠনৰ নেতৃত্বৰ পৰা ৰাজ্যখনৰ দিব্যাংগ ব্যক্তিসকলে সন্মুখীন হৈ থকা বিভিন্ন সমস্যাৰ বিষয়ে বুজ লয় ।

Advertisment

ৰাজ্য চৰকাৰৰ চাকৰিত দিব্যাংগসকলৰ বাবে সংৰক্ষণৰ ব্যৱস্থা কৰিবলৈ সংগঠনৰ ফালৰ পৰা মন্ত্ৰীগৰাকীক আহ্বান জনোৱাত তেওঁ সকলো বিভাগতে দিব্যাংগসকলে সাংবিধানিক সংৰক্ষণৰ সুবিধা নিশ্চিত ৰূপত লাভ কৰিব বুলি উল্লেখ কৰে । আনহাতে চৰকাৰী চাকৰিৰ আবেদনৰ মাছুল ৰেহাই দিয়া আৰু পৰীক্ষাত দৃষ্টিহীন সকলৰ সুবিধাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰাৰ বাবেও মন্ত্ৰীগৰাকীয়ে আজিৰ আলোচনাতে বিভাগীয় বিষয়াৰে কথা হয় আৰু প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰা হ'ব বুলি উল্লেখ কৰে ।

প্ৰতিনিধি সকলে গুৱাহাটীত দিব্যাংগ লোক সকলৰ বাবে জিৰণী ঘৰ আৰু লুইছ ব্রেইলীৰ প্ৰতিমূৰ্তি স্থাপনৰ বাবে মন্ত্ৰীগৰাকীক অনুৰোধ জনায়। লুইছ ব্রেইলীৰ প্ৰতিমূৰ্তি স্থাপনত মন্ত্ৰী হাজৰীকাই সহযোগিতা আগবঢ়াব বুলি উল্লেখ কৰি দিব্যাংগসকলৰ বাবে জিৰণি ঘৰৰ বিষয়টো পৰৱৰ্তী সময়ত বিবেচনা কৰা হ'ব বুলি প্ৰকাশ কৰে ।

আনহাতে ৰাজ্যখনত বহুকেইটা সংগঠনে সক্ৰিয়ভাৱে দিব্যাংগসকলৰ বাবে কাম কৰি থকাটো উল্লেখ কৰি মন্ত্ৰী হাজৰীকাই সকলো সংগঠনকে সমিল মিলেৰে দিব্যাংগসকলৰ কল্যাণৰ বাবে কাম কৰিবলৈ আহ্বান জনায় । সংগঠনৰ নামত কোনেও যাতে দিব্যাংগসকলক হাৰাশাস্তি নকৰে তাৰ বাবেও মন্ত্ৰী হাজৰীকাই সকলোকে আহ্বান জনায় ।

আনহাতে একাংশ সংগঠনে দিব্যাংগসকলৰ বিভিন্ন দাবীৰ বাবে সততে আন্দোলনমুখী পৰিৱেশ সৃষ্টি কৰা বিষয়টো উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে আন্দোলন কৰাৰ বাবে আমাৰ সকলোৰে সম্পূৰ্ণ অধিকাৰ আছে, কিন্তু দিব্যাংগসকলৰ দল সংগঠনে যিকোনো সময়তে বিভাগীয় শীৰ্ষ বিষয়া আৰু মন্ত্ৰীক লগ কৰিব পাৰে আৰু আন্দোলনৰ কাৰ্যসূচী লোৱাৰ আগতেই আলোচনাৰ জড়িয়তে সমস্যাসমূহ সমাধান কৰিব পাৰে ।

আৰু পঢ়ক: "সুৰাৰ দৰে আপোনাক ক্ষমতাৰ নিচাই মূৰত ধৰিছে" কেজৰিবাললৈ পত্ৰ আন্না হাজাৰেৰ…

assam pijus hazarika assam govt