শুৱালকুছিত অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ সম্বৰ্ধণা অনুষ্ঠানত মন্ত্ৰী পীযুষ হাজৰীকা

দেওবাৰে শুৱালকুছিৰ ৰাজহুৱা প্ৰেক্ষাগৃহত অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ বৃহত্তৰ শুৱালকুছি শাখাই আয়োজন কৰে হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীৰ সম্বৰ্ধনা অনুষ্ঠান।

author-image
Asomiya Pratidin
New Update
শুৱালকুছিত অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ সম্বৰ্ধণা অনুষ্ঠানত মন্ত্ৰী পীযুষ হাজৰীকা

pijus hazarika

ডিজিটেল ডেস্ক: দেওবাৰে শুৱালকুছিৰ ৰাজহুৱা প্ৰেক্ষাগৃহত অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ বৃহত্তৰ শুৱালকুছি শাখাই আয়োজন কৰে হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীৰ সম্বৰ্ধনা অনুষ্ঠান। এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশ গ্ৰহণ কৰে মন্ত্ৰী পিযুষ হাজৰিকাই | অনুষ্ঠানত বিগত বৰ্ষত হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা বৃহত্তৰ শুৱালকুছি অঞ্চলৰ ছাত্ৰ ছাত্ৰী সকলক উদ্দেশ্যি প্ৰদান কৰা বক্তব্যত মন্ত্ৰী হাজৰীকাই কয় যে সামাজে এই মেধাবী ছাত্ৰ ছাত্ৰীসকলৰ পৰা বহুখিনি আশা কৰে |

Advertisment

ভৱিষ্যতে সকলোয়ে নিজৰ নিজৰ ক্ষেত্ৰত যোগ্যতা অৰ্জন কৰিবলৈ সক্ষম হ’ব বুলি বিশ্বাস ৰখাৰ কথা উল্লেখ কৰি মন্ত্ৰী হাজৰীকাই আহ্বান জনায় যাতে কোনোৱে নিজৰ নিজৰ শিপাৰ পৰা বিচ্ছিন্ন হৈ নাযায় | ৰাষ্ট্ৰীয় অথবা আন্তৰাষ্ট্ৰীয় প্ৰেক্ষাপটত সফল হোৱাৰ পাছতো শুৱালকুছিৰ সৈতে সংপিক্ত হৈ থাকিবৰ বাবে মন্ত্ৰীগৰাকীয়ে সকলোকে আহ্বান জনায় |

আনহাতে বহুসময়ত পৰীক্ষাত ভাল ফলাফল নকৰিলেও অসামৰিক সেৱা তথা কেৰিয়াৰৰ আন পৰীক্ষাবোৰত বহু ছাত্ৰ ছাত্ৰী সফল হ’বলৈ সক্ষম হয় বুলি মন্তব্য কৰি মন্ত্ৰী গৰাকীয়ে সকলোকে এতিয়াৰ পৰা আৰু ছিৰিয়াছ হৈ আগাবাঢ়ি যাবলৈ আহ্বান জনায় |

আনহাতে গুগল, মাইক্তচফ্টকে ধৰি পৃথিৱীৰ বহুতো বহুজাতিক বৃহৎ প্ৰতিষ্ঠানৰ শীৰ্ষ পদৱীত ভাৰতীয় মূলৰ ব্যক্তি অধীস্থিত হ’বলৈ সক্ষম হোৱা বুলি উল্লেখ কৰি মন্ত্ৰী হাজৰীকাই সকলো ছাত্ৰ ছাত্ৰীকে ভৱিষ্যতে কৰ্মক্ষেত্ৰত সফল হ’ব পৰাকৈ বিশ্বাস ৰাখিবলৈ আহ্বান জনায় |

আনহাতে ছাত্ৰ ছাত্ৰীসকলক আত্মকেন্দ্ৰীক ন’হবলৈও মন্ত্ৰীগৰাকীয়ে পৰামৰ্শ আগবঢ়ায় | ছাত্ৰ ছাত্ৰীসকলক লগতে বাকী কেৰিয়াৰৰ সমানে সমানে ভাল ৰাজনৈতিক নেতা অথবা ভাল সাংবাদিক হ’বলৈ মন মেলিবলৈও পৰামৰ্শ আগবঢ়াই মন্ত্ৰী গৰাকীয়ে সকলোকে যিয়েই নকৰক কিয় ভাল মানুহ হ’বলৈ আহ্বান জনায় |

assam pijus hazarika