/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-11/e6909779-9d4a-4613-adeb-9a9dd35a7ffd/pijus_x.jpg)
ডিজিটেল ডেস্ক: সোমবাৰৰ পৰা ৰাজ্যৰ বিভিন্ন প্ৰান্তত আৰম্ভ হৈছে ৰাস মহোৎসৱ। উজনি-নামনি সকলোতে ৰাসৰ উলহ-মালহ দেখা গৈছে।
অন্য প্ৰান্তৰ দৰে নলবাৰীতো আৰম্ভ হৈছে ৰাস মহোৎসৱ। আজিৰে পৰা আৰম্ভ হোৱা এই ৰাস মহোৎসৱক শুভাৰম্ভণি অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশ গ্ৰহণ কৰে ৰাজ্য চৰকাৰৰ মন্ত্ৰী পিযুষ হাজৰীকাই।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-11/8d155e48-1085-4d54-97f3-2af98086fd4b/WhatsApp_Image_2022_11_07_at_8_48_53_PM.jpeg)
নলবাৰীৰ শ্ৰীশ্ৰী হৰিমন্দিৰৰ প্ৰাংগনত আয়োজিত শুভাৰম্ভণি অনুষ্ঠানত বক্তব্য প্ৰদান কৰি মন্ত্ৰী হাজৰীকাই কয় যে সমাজ এখন সুশৃংখলিত হৈ থকাৰ ক্ষেত্ৰত ভক্তিৰসৰ বিশেষ ভূমিকা আছে । ভগৱান শ্ৰীকৃষ্ণই মৰ্ত্যত জন্মলাভ কৰি প্ৰেম আৰু একতাৰ ডোলেৰে সকলোকে বান্ধি ৰাখিছিল বুলি মন্তব্য কৰে মন্ত্ৰী হাজৰীকাই ।