লোকসভা নিৰ্বাচনৰ বাবে সাজু হৈছে বিজেপি : পিযুষ হাজৰিকা

লোকসভা নিৰ্বাচনৰ বাবে সাজু হৈছে বিজেপি : পিযুষ হাজৰিকা

author-image
asomiyapratidin
New Update
লোকসভা নিৰ্বাচনৰ বাবে সাজু হৈছে বিজেপি : পিযুষ হাজৰিকা

ডিজিটেল সংবাদ,নগাঁও : "এটকাও দিব নলগাকৈ এই বৃহৎ সংখ্যক ল'ৰা ছোৱালীয়ে চাকৰি পাব ৷ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ কাৰণে ই সম্ভৱ হৈছে" -নগাঁৱত এই বক্তব্য আগবঢ়াই জনসংযোগ মন্ত্ৰী পীয়ুষ হাজৰিকাই ৷ নগাঁৱত মন্ত্ৰী হাজৰিকাই কয় যে আগন্তুক দিনত আৰু চৰকাৰী চাকৰিত নিয়ুক্তি দিয়া হ'ব ৷ চৈধ্য লাখ যুৱক-যুৱতীয়ে একেলগে নিয়াৰিকৈ চাকৰিৰ বাবে পৰীক্ষা দিছে ৷ সুকলমে পৰীক্ষা অনুষ্ঠিত কৰাটো মুখ্যমন্ত্ৰীৰ বাবে সম্ভৱ হৈছে ৷

Advertisment

নগাঁৱত দেওবাৰে লোকসভা প্ৰৱাস যোজনাৰ সভাত অংশ গ্ৰহণ কৰি মন্ত্ৰী পীয়ুষ হাজৰিকাই লগতে কয় যে ২০২৪ বৰ্ষত অনুষ্ঠিত হ'ব লগা লোকসভা নিৰ্বাচনৰ বাবে বিজেপি সাজু হৈ উঠিছে ৷ নগাঁও , কলিয়াবৰ আৰু বৰপেটা লোকসভা সমষ্টিৰ বাবে কেন্দ্ৰীয় মন্ত্ৰী কিৰন ৰিজিজুক প্ৰভাৰীৰ দায়িত্ব দিয়াৰ কথা উল্লেখ কৰি মন্ত্ৰী হাজৰিকাই তিনিওখন আসনতে বিজেপিয়ে আগন্তক নিৰ্বাচনত বিজয়ি হ'ব বুলি মন্তব্য কৰে।

নগাঁৱৰ বীনাপাণি নাট্যমন্দিৰত অনুষ্ঠিত প্ৰৱাস যোজনাৰ সভাত ভাগ লৈ কেন্দ্ৰীয় আইন মন্ত্ৰী কিৰেন ৰিজিজুয়ে কয় যে বিজেপি সকলো আসনত বিজয়ি হ'ব ৷ দলীয় প্ৰাৰ্থীসকল বিজয়ি হ'লে সৰ্বসাধাৰনৰ লাভ হ'ব ৷ লগতে কেন্দ্ৰীয় মন্ত্ৰীজনে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে হাতত লোৱা আচঁনিৰ দ্বাৰা সৰ্বসাধাৰনৰ কিমান উপকাৰ হৈছে তাৰ ফলাফল লৈ থকাৰ লগতে আচঁনিৰ কামৰ ক্ষেত্ৰত চকু দিয়া বুলিও কয় ৷

প্ৰৱাস যোজনাৰ সভাখনৰ প্ৰাৰম্ভনিতে মন কি বাত অনুষ্ঠানটি দলীয় কৰ্মীৰ লগত শুনাৰ পিছতে মন্ত্ৰীজনে দলীয় কৰ্মকৰ্তাৰ লগত আলোচনাত মিলিত হয় ৷ ইয়াৰ পিছতে মন্ত্ৰী-বিধায়কৰে মিলিত হয় ৷ অনুষ্ঠানটিত মন্ত্ৰী পীয়ুষ হাজৰিকা , বিধায়ক ৰূপক শৰ্মা , জিতু গোস্বামী , শিবু মিশ্ৰ , ৰামকৃষ্ণ ঘোষ আদিয়েও অংশ গ্ৰহণ কৰে ৷

আৰু পঢ়ক: কৰিছেনে মন, ছাৰৰ এই জাননী খন !

assam pijus hazarika himanta biswa sarma kiran rijiju