/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/08/pijussss.jpg)
ডিজিটেল সংবাদ,মৈৰাবাৰী : যোৱা ২৯ জুনত মণিপুৰত হোৱা ভূমিস্খলনত মৰিগাঁও জিলাৰ কুশতলিৰ নিহত, আহত সকলে লাভ কৰিলে অসম চৰকাৰৰ এককালীন সাহাৰ্য। মন্ত্ৰী পীযুষ হাজৰিকাই বিতৰণ কৰিলে সাহাৰ্যৰ চেক।
মণিপুৰৰ ভূমিস্খলনত মৰিগাঁও জিলাৰ লাহৰীঘাটৰ কুশতলিৰ নিহত আহত পৰিয়ালৰ আত্মীয়ক ৰবিবাৰে মন্ত্ৰী পীযুষ হাজৰিকাই প্ৰদান কৰিলে অসম চৰকাৰৰ এককালিন সাহাৰ্যৰ চেক। মন্ত্ৰী পীযুষ হাজৰীকাক সংগ দিলে মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰী আৰু মৰিগাঁৱৰ বিধায়ক ৰমাকান্তই।
নিহত পৰিয়ালৰ আত্মিয়ক দুই লাখ আৰু আহত সকলে ২৫ হাজাৰকৈ টকাৰ চেক গ্ৰহণ কৰি খোৰাগোঁসাইবড়ী গাঁৱৰ আজি পুণৰ শোকত ভাগি পৰিল আক্ৰান্তৰ আত্মিয়।
শোকাকুল পৰিবেশত ব্যথিত দুই মন্ত্ৰীয়ে বিৰত থাকিল ভাষন প্ৰদানৰ পৰা। আক্ৰান্ত পৰিয়ালৰ কণ কণ সন্তানক পঢ়োৱাৰ সুবিধাৰ বাবে সভা কক্ষতে মন্ত্ৰী পীযুষ হাজিৰিকাই উপায়ুক্তক দায়িত্ব দিলে এটিকৈ অৰুণোদয় আছনি প্ৰদান কৰিবলৈ।
অভিশপ্ত ২৯ জুনত হেৰাই যোৱা সকলৰ আত্মাৰ সদগতিৰ বাবে সমূহীয়া প্ৰাৰ্থনা কৰা হয় খোৰাগোঁসাইবড়ী গাঁৱত। উল্লেখ্য যে২৯ জুন তাৰিখেই মনিপুৰৰ ভূমিস্খলনত নিহত হৈছিল মৰিগাঁও জিলাৰ কুশতলিৰ ১৬ জনকৈ যুৱকৰ ওপৰিও আহত হৈছিল ৫ জনকৈ যুৱক।
কুশতলিৰ খোৰাগোঁসাইবড়ী গাঁৱৰ এটা. চুবুৰিৰে ১১ জনকৈ যুৱকৰ মৃত্যু হৈছিল ভয়াবহ ভূমিস্খলনত ।
মৃত মুঠ ১৬ জন শ্ৰমিক আছিল কুশতলি, কুছকাটি, লাউভূৰোঙ্গা আৰু বৰবড়ী গাঁৱৰ। ১৬ জন মৃত যুৱকৰ ১৫ জনৰ মৃতদেহ উদ্ধাৰ হৈছিল মণিপুৰৰ মাটিৰ তলত। সন্ধান নোলাল বৰবড়ী গাঁৱৰ টুপেন পাতৰৰ মৃতদেহ। সন্ধানহীন টুপেন পাতৰৰ পৰিয়ালেও লাভ কৰিলে ২ লাখ টকাৰ চেক।
এতিয়াও চিকিৎসাধীন মণিৰাম ফুকন, ৰমেন ফুকন, মহেশ্বৰ ফুকন, প্ৰহ্লাদ বসুমতাৰী, জুন বসুমতাৰীলৈ ২৫ হাজাৰ টকাৰ চেক প্ৰদান অসম চৰকাৰৰ।
মৃত সকল ক্ৰমে গোপাল ফুকন, পল্লৱ ফুকন, হৰমোহন ডেকা, দীপাংকৰ বৰদলৈ, বগীয়ান্ত ফুকন, মমিন ডেকাৰজা, দেৱজিৎ ফুকন স'নাল কোঁৱৰ, আকাশ লৰম ,উৎপল ফুকন, ৰামু ফুকন ,হনুমান কোঁৱৰ, জোনটি বৰদলৈ, কল্পজ্যোতি বৰদলৈ, উপেন্দ্ৰ কোঁৱৰ, আৰু টুপেন পাতৰ।
চেক গ্ৰহণ কৰি হৃদয় বিদাৰক কান্দোন মৃতৰ আত্মিয়ৰ। মন্ত্ৰী পীযুষ হাজৰিকাৰ আশ্বাস – দূৰ্গত পৰিয়াল কেইটাৰ প্ৰতি চৰকাৰে দায়বদ্ধতাৰে দায়িত্ব ল'ব । পৰিয়াল কেইটালৈ চৰকাৰে সাহাৰ্য প্ৰদানৰ পাছত অঞ্চলবাসীয়ে কৃতজ্ঞতা জানানে চৰকাৰক।
আৰু পঢ়ক: ৰূপহীহাটত ভয়ংকৰ পথ দুৰ্ঘটনা, আহত ৩ জন…