/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/78b135c4-327b-4a6a-993d-1e0963cb9e3e/llk.jpg)
ডিজিটেল ডেস্ক: অসম চৰকাৰৰ তথ্য আৰু জনসংযোগ আদি বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই বুধবাৰে সোণাপুৰৰ নৰতাপ মাৰকাঙত আয়োজিত ৩১ সংখ্যক কেন্দ্ৰীয় বাৰ্ষিক কাৰ্বি দেহাল (ৰংকেৰ) কাৰ্চিদম উৎসৱত মুখ্য অতিথি হিচাপে উপস্থিত থাকে | যোৱা ১৩ ফেব্ৰুৱাৰীৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে আয়োজিত দেহাল (ৰংকেৰ) কাৰ্চিদম উৎসৱৰ অন্তিম দিনাৰ মুকলি সভা কাৰ্যসূচীত বক্তব্য ৰাখি মন্ত্ৰী হাজৰীকাই কাৰ্বি সম্প্ৰদায়ৰ সকলো লোককে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে |
পৰম্পৰাগত দেহাল (ৰংকেৰ) কাৰ্চিদম উৎসৱৰ চহকী ঐতিহ্য আৰু পৰম্পৰাৰ বিষয়ে উল্লেখ কৰি মন্ত্ৰী হাজৰীকাই ভাষণ প্ৰসংগত কয় যে আমাৰ জাতি-জনগোষ্ঠীৰ কৃষ্টি-সংস্কৃতি তথা পৰম্পৰা আমি নিজেই ৰক্ষা নকৰিলে আন কোনেও এইবোৰ ৰক্ষা নকৰে|
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/186249b5-cecc-49a7-b5f9-147164935395/97efd8a3_4bfd_4398_baac_d0ec3c280284.jpg)
আমাৰ নৃত্য-গীত আদি যদি আমি হেৰুৱাই পেলাও, তেতিয়া বাহিৰত গৈ আমাৰ চিনাকি দিয়াটোয়েই কঠিন হৈ পৰিব বুলি মন্তব্য কৰি মন্ত্ৰী গৰাকীয়ে সকলোকে নিজৰ কৃষ্টি-সংস্কৃতি ৰক্ষাৰ বাবে আগবাঢ়ি আহিবলৈ আহ্বান জনায় | আনহাতে দেহাল (ৰংকেৰ) কাৰ্চিদমৰ দৰে উৎসৱৰ জড়িয়তে পাহাৰ ভৈয়ামৰ কাৰ্বি সকল একত্ৰিত হোৱাৰ লগতে এনে উৎসৱে আমাৰ জনগোষ্ঠীসমূহৰ মাজত থকা সমন্বয়ৰ এনাজৰীডাল শক্তিশালী কৰে বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে |
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/395f4188-387c-40aa-bdd9-a21ca0a3cd6c/9577418e_9893_4f75_8d3e_c7ac4c4bbb42.jpg)
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/dbc418bf-ba3c-4aef-bc09-0d1820ccd322/58791225_7210_4ee9_a9f4_eb1506d9fe55.jpg)
আজিৰ অনুষ্ঠানত মন্ত্ৰী হাজৰীকাৰ লগতে কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং, সাংসদ কুইন ওজা, বিধায়কদ্বয় অতুল বৰা আৰু দৰসিং ৰংহাং, তিৱা স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ কোঁৱৰ আৰু কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ কেইবাগৰাকীও সদস্য উপস্থিত আছিল |