জাগীৰোড আৰু বঢ়মপুৰত আদৰ্শ অংগনবাড়ী কেন্দ্ৰ উদ্বোধন মন্ত্ৰী পীযুষ হাজৰীকাৰ

জাগীৰোড আৰু বঢ়মপুৰত আদৰ্শ অংগনবাড়ী কেন্দ্ৰ উদ্বোধন মন্ত্ৰী পীযুষ হাজৰীকাৰ

author-image
asomiyapratidin
New Update
জাগীৰোড আৰু বঢ়মপুৰত আদৰ্শ অংগনবাড়ী কেন্দ্ৰ উদ্বোধন মন্ত্ৰী পীযুষ হাজৰীকাৰ

ডিজিটেল ডেস্ক: অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী পীযুষ হাজৰীকাই দেওবাৰে মৰিগাঁও জিলাৰ মৰাকলং (শিমলুগুৰি) আদৰ্শ অংগনবাড়ী কেন্দ্ৰটি উদ্বোধন কৰাৰ লগতে এই কেন্দ্ৰৰ প্ৰাংগনৰ পৰাই জাগীৰোড সমষ্টিৰ আন ১১ টা অংগনবাড়ী কেন্দ্ৰ উদ্বোধন কৰে । উল্লেখযোগ্য যে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ সপোনৰ আদৰ্শ অংগনবাড়ী কেন্দ্ৰক বাস্তৱায়িত ৰূপ প্ৰদান কৰি প্ৰতিটোত ২৫ লাখ টকা ব্যয়েৰে আজি ৰাজ্যখনত প্ৰায় ১০০০ টা আদৰ্শ অংগনবাড়ী কেন্দ্ৰ উদ্বোধন কৰা হৈছে ।

Advertisment

আজিৰ অনুষ্ঠানটোত বক্তব্য ৰাখি মন্ত্ৰীগৰাকীয়ে সকলোকে নিজৰ ল'ৰা ছোৱালীক নিয়মিত ৰূপত শিক্ষানুষ্ঠানলৈ পঠিয়াবলৈ আহ্বান জনায় ।

উল্লেখযোগ্য যে আজি মন্ত্ৰী হাজৰীকাই উদ্বোধন কৰা অংগনবাড়ী কেন্দ্ৰটি থকা মৰাকলং প্ৰাথমিক বিদ্যালয়খনতে মন্ত্ৰী গৰাকীয়ে শিক্ষাগ্ৰহণ কৰিছিল । নিজৰ শৈশৱৰ স্মৃতি বিজড়িত অঞ্চলটোত মন্ত্ৰী হাজৰীকাই উপস্থিত সকলোকে শিক্ষাৰ প্ৰয়োজনীয়তাৰ বিষয়ে উপলব্ধি কৰি নিজৰ ল'ৰা ছোৱালীক সুপ্ৰতিস্থিত হোৱাৰ ক্ষেত্ৰত প্ৰয়োজন সাপেক্ষে ত্যাগ স্বীকাৰ কৰিবলৈও আহ্বান জনায় ।

পাছবেলালৈ মন্ত্ৰী হাজৰীকাই বঢ়মপুৰ সমষ্টিত বিধায়ক জিতু গোস্বামী আৰু নগাঁও জিলাৰ উপায়ুক্তৰ উপস্থিতিত দুটা আদৰ্শ অংগনবাড়ী কেন্দ্ৰ উদ্বোধন কৰে ।মন্ত্ৰীগৰাকীয়ে বঢ়মপুৰ সমষ্টিৰ নিজ গোমোঠা গাঁও আৰু বঢ়মপুৰবৰটোপ তিনিআলি অংগনবাড়ী কেন্দ্ৰ দুটা উদ্বোধন কৰে । আজিৰ দিনটোতে সমষ্টিটোৰ ১০ টা আদৰ্শ অংগনবাড়ী কেন্দ্ৰ উদ্বোধন কৰা হয় । মন্ত্ৰীগৰাকীয়ে বঢ়মপুৰ বৰটোপ তিনিআলি অংগনবাড়ী কেন্দ্ৰ উদ্বোধন কৰি দিয়া ভাষণত বৰ্তমান সময়ত সুপ্ৰতিস্থিত হোৱাৰ ক্ষেত্ৰত শিক্ষাৰ ভূমিকাৰ বিষয়ে উল্লেখ কৰে ।

আৰু পঢ়ক: পুখুৰীত গা ধুবলৈ গৈ সলিল সমাধি যুৱকৰ

assam pijus hazarika