/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/89daa031-c607-406e-b4c2-7e992889f7ae/pijus.jpg)
ডিজিটেল ডেস্কঃ অসম চৰকাৰৰ জলসম্পদ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই সোমবাৰে ডিব্ৰুগড়ৰ কয়লাঘাটত উপস্থিত হৈ ব্ৰহ্মপুত্ৰৰ খহনীয়াত আক্ৰান্ত অংশ পৰিদৰ্শন কৰে । কিছুদিন পূৰ্বে অঞ্চলটোত প্ৰায় ২২০ মিটাৰ দৈঘ্যৰ অংশত খহনীয়াৰ সৃষ্টি কৰি নগৰখনলৈ ভাবুকি সৃষ্টি কৰিছিল ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/7fddad2d-2c0d-46d3-9ef9-d93d942eccd3/fe12c3cf_dbc2_4239_8fb3_7b0fb8d4fa52.jpg)
সেই সময়ত জলসম্পদ বিভাগে ক্ষীপ্ৰতাৰে জিও বেগ আৰু পাৰ্কুপাইনৰ ব্যৱহাৰেৰে এই খহনীয়া প্ৰতিৰোধ কৰিছিল । আজি মন্ত্ৰীগৰাকীৰ পৰিদৰ্শনৰ সময়তো বিভাগীয়ভাৱে খহনীয়া ৰোধৰ কাম পূৰ্ণগতিত চলি আছে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/cc5f9ee4-08d4-4e53-8d4e-eec51ea47b9e/0857b311_56e2_4d1e_a4d3_caac9785bea2.jpg)
আজি এই স্থানত বিধায়ক প্ৰশান্ত ফুকনক লগত লৈ মন্ত্ৰী পীযুষ হাজৰীকা উপস্থিত হৈ সাম্প্ৰতিক পৰিস্থিতি পৰ্যবেক্ষন কৰে । ডিব্ৰুগড় চহৰখনক যিকোনো উপায়েৰে ৰক্ষা কৰিবলৈ খহনীয়াত আক্ৰান্ত এই স্থানৰ লগতে প্ৰায় আধা কিলোমিটাৰ অংশত পাৰ্কুপাইন দি ভালকৈ প্ৰতিৰোধ ব্যৱস্থা কৰিবলৈ জলসম্পদ বিভাগৰ মুখ্য অভিযন্তাক মন্ত্ৰী হাজৰীকাই নিৰ্দেশ দিয়ে । এই অংশত খহনীয়া ৰোধৰ বাবে দীৰ্ঘম্যাদী আৰু সুপৰিকল্পিত আঁচনিৰ ব্যৱস্থা কৰিবলৈও মন্ত্ৰী হাজৰীকাই বিভাগীয় অভিযন্তাক আহ্বান জনায় ।
Also Read: কৃষ্ণ নৃত্যৰ জৰিয়তে লণ্ডন বুক অফ ৱৰ্ল্ড ৰেকৰ্ড কৰিলে ছাত্ৰী নীলাঞ্জনা বেজবৰুৱাই