/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/58939df8-ae96-4d8b-9618-4b011cf4f2a9/dfff.jpg)
ডিজিটেল ডেস্কঃ অসম চৰকাৰৰ জলসম্পদ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই শুকুৰবাৰে পুৱা ডিব্ৰুগড় জিলাৰ নগৰৰ সমীপৱৰ্তী অঞ্চলত ব্ৰহ্মপুত্ৰ নদীয়ে সৃষ্টি কৰা খহনীয়া অধ্যুষিত স্থান পৰিদৰ্শন কৰে | ঐতিহ্যমণ্ডিত ডিব্ৰুগড় চহৰখনৰ সমীপতে খহনীয়া হৈ থকা বিষয়টো অত্যন্ত চিন্তনীয় আৰু গুৰুত্বপূৰ্ণ বুলি অভিহীত কৰি মন্ত্ৰী হাজৰীকাই কয় যে যিকোনো পৰ্যায়তে এই খহনীয়া ৰোধ কৰি ডিব্ৰুগড় চহৰখন বচাবই লাগিব |
পৰিদৰ্শনৰ সময়ত উপস্থিত থকা সাংবাদিকসকলৰ আগত এনেদৰে মন্তব্য প্ৰদান কৰি মন্ত্ৰী হাজৰীকাই কয় যে মাননীয় মুখ্যমন্ত্ৰী মহোদয়েও ডিব্ৰুগড়ৰ খহনীয়াক লৈ যথেষ্ট উদ্বিগ্ন আৰু এই ক্ষেত্ৰত বিশেষ গুৰুত্ব প্ৰদান কৰিছে | আনহাতে এই সময়চোৱাত ব্ৰহ্মপুত্ৰৰ খহনীয়া ৰোধৰ বাবে ডিব্ৰুগড়ত জলসম্পদ বিভাগৰ তৎপৰতাত যথেষ্ট কাম কৰা হৈছে, বিশেষকৈ বাৰিষাৰ এই সময়চোৱাত জৰুৰীভাৱে অস্থায়ী কাম কৰি খহনীয়া ৰোধৰ বাবে প্ৰয়াস কৰি থকা হৈছে |
বিগত তিনিটা মাহত দ্বিতীয়বাৰলৈ এই স্থানত উপস্থিত হৈ মন্ত্ৰীগৰাকীয়ে লগতে কয় যে ডিব্ৰুগড়ৰ এই অংশত হৈ থকা খহনীয়া ৰোধৰ স্থায়ী কামৰ আচঁনি গ্ৰহণ কৰিবলৈ ৰাজ্য চৰকাৰে আই আই টি গুৱাহাটীক এই বিষয়ে অধ্যয়ন কৰিবলৈ আহ্বান জনাই চুক্তি কৰিছিল | ইতিমধ্যে বিগত মাহত আই আই টি গুৱাহাটীৰ বিশেষজ্ঞ ডিব্ৰুগড়ত উপস্থিত হৈ চৰজমীন অধ্যয়ন আৰম্ভ কৰিছে | আই আই টিৰ সৈতে সঘনে যোগাযোগত থকা বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে আশা কৰা হৈছে যাতে অহা ১৫ আগষ্টৰ ভিতৰত তেওঁলোকে এই বিষয়ে প্ৰতিবেদন দাখিল কৰিব |
আই আই টি গুৱাহাটীৰ প্ৰতিবেদনৰ ওপৰত ভিত্তি কৰি অহা নৱেম্বৰ-ডিচেম্বৰ মাহত ডিব্ৰুগড় নগৰ অঞ্চলৰ প্ৰায় দুই কিল’মিটাৰ দৈৰ্ঘ্য অংশত খহনীয়া ৰোধৰ বাবে গাৰ্ড ৱাল অথবা আন শক্তিশালী ব্যৱস্থা জলসম্পদ বিভাগে গ্ৰহণ কৰিব বুলি মন্ত্ৰীগৰাকীয়ে মন্তব্য প্ৰকাশ কৰে | ঐতিহ্যমণ্ডিত ডিব্ৰুগড় নগৰখনক যিকোনো পৰ্যায়ৰ কাম কৰি হ’লেও বচাবই লাগিব বুলি মন্ত্ৰী হাজৰীকাই উপস্থিত সকলোৰে আগত মন্তব্য প্ৰদান কৰে |
Also Read: ৰাহুল গান্ধীৰ আবেদন খাৰিজঃ ২০২৪ চনৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব নোৱাৰিব কংগ্ৰেছ নেতাগৰাকীয়ে