গৌৰীনাথ শিৱ মন্দিৰত মন্ত্ৰী পিযুষ হাজৰিকাই আগবঢ়ালে পাঁচ লাখ টকা...

শাৰদীয় দুৰ্গোৎসৱৰ আজি নৱমী পূজা

author-image
Asomiya Pratidin
New Update
গৌৰীনাথ শিৱ মন্দিৰত মন্ত্ৰী পিযুষ হাজৰিকাই আগবঢ়ালে পাঁচ লাখ টকা...

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ শাৰদীয় দুৰ্গোৎসৱৰ আজি নৱমী পূজা ৷ শাৰদীয় দুৰ্গোৎসৱৰ নৱমীৰ দিনা ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পূজাস্থলী সমূহত ভীৰ কৰিছে ৰাজনৈতিক নেতা জনপ্ৰতিনিধি, মন্ত্ৰী সকলে।

বটদ্ৰৱা সমষ্টিৰ সোনাইপাৰ গৌৰীনাথ শিৱমন্দিৰত অনুষ্ঠিত পূজাত মঙলবাৰে আৰ্শীবাদ ল'লে মন্ত্ৰী পিযুষ হাজৰিকাই। গ্ৰাম্যাঞ্চলৰ সোনাই নদীৰ পাৰত নৈসৰ্গিক পৰিবেশত অনুষ্ঠিত পূজাত সেৱা লৈ মন্ত্ৰী পিযুষ হাজৰিকাই মন্দিৰৰ উন্নয়নৰ পাঁচ লাখ টকা আগবঢ়ায়। লগতে গৌৰীনাথ মন্দিৰৰ কুমাৰী পূজাত অংশ গ্ৰহণ কৰা কুমাৰী সকলকো সেৱা আগবঢ়াই।

assam pijus hazarika