ফুলনিত ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহত এজন ছাত্ৰ

ফুলনিত ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহত এজন ছাত্ৰ

author-image
Asomiya Pratidin
New Update
ফুলনিত ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহত এজন ছাত্ৰ

ডিজিটেল সংবাদ, হাওৰাঘাটঃ কাৰ্বি আংলং জিলাৰ ফুলনিৰ বে-নুপাক গাঁৱৰ ওচৰৰ ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা। লংকা দিশৰ পৰা ডিমাপুৰ অভিমুখে গৈ থকা AS 27 C 7462 নম্বৰৰ এখন দহ চকীয়া মালবাহী ট্ৰাকে একে দিশেৰে গৈ থকা এজন চাইকেল আৰোহীক খুন্দা মাৰে। যাৰ ফলত থিতাতে নিহত হয় ১৪ বছৰীয়া আৰ্চে টকবি।

Advertisment

জানিব পৰা অনুসৰি লংকি হাঞ্চে গাঁৱৰ নিবাসী বিক্ৰম হাঞ্চে আৰু কাক্ৰুং ৰংপিপীৰ জেষ্ঠ পুত্ৰ তথা নৱম শ্ৰেণীৰ ছাত্ৰ আছিল আৰ্চে টকবি। ইপিনে ঘটনাৰ খবৰ পাই উত্তৰ বড়বিল উপ আৰক্ষী চকীৰ আৰক্ষী উপস্থিত হৈ ঘটনাৰ তদন্ত কৰাৰ লগতে নিহত আৰ্চে টকবিক মৰনোত্তৰ পৰীক্ষাৰ বাবে ডিফু মেডিকেল কলেজলৈ প্ৰেৰণ কৰে।

Also Read: বিটিআৰত বিজেপি-ইউপিপিএলৰ যৌথ সভা