বিটিআৰত বিজেপি-ইউপিপিএলৰ যৌথ সভা

বিটিআৰত বিজেপি-ইউপিপিএলৰ যৌথ সভা

ডিজিটেল সংবাদ, ওদালগুৰিঃ বিটিআৰৰ দুটাকৈ লোকসভা সমষ্টি ক্ৰমে কোকৰাঝাৰ আৰু দৰং- ওদালগুৰিত আমি এনডিএ সমৰ্থিত প্ৰাৰ্থীয়ে বৃহৎ জয় সাব্যস্ত কৰিম। নৰেন্দ্ৰ মোডীক প্ৰধান মন্ত্ৰী বনোৱাৰ স্বাৰ্থত সমষ্টি দুটাত আমাৰ জয় নিশ্চিত- এই মন্তব্য বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য তথা এনডিএৰ সহযোগী ইউপিপিএল দলৰ নেতা প্ৰমোদ বড়োৰ। তেওঁ দলৰ প্ৰতিগৰাকী কৰ্মকৰ্তাকে নিৰ্বাচনী যুজত জঁপিয়াই পৰিবলৈ আহ্বান জনায়।

দেওবাৰে ওদালগুৰি জিলাৰ সদৰস্থিত বিষ্ণুৰাভা কৃষ্টি সংঘ প্ৰাঙ্গণৰ অনুষ্ঠিত হয় মিত্ৰদল বিজেপি আৰু ইএপিপিএলৰ এখন যৌথ সভা। সভাত উপস্থিত থাকি ভাষণ প্ৰসঙ্গত সাংসদ দিলীপ শইকীয়াই কয়, "ৰাইজৰ আন্তৰিকতাত ইউপিপিএল আৰু জিএছপিৰ সহযোগত বিটিচিত চলিছে ত্ৰিপুল ইঞ্জিন। চৰকাৰৰ আচনিসমূহ এশ শতাংশ ৰাইজৰ ওচৰলৈ নিয়াটোৱেই আমাৰ লক্ষ্য। ২০২০ চনৰ পূৰ্ৱৰ বিটিচি আৰু বৰ্তমানৰ বিটিচিৰ মাজত আকাশ পাতাল পাৰ্থক্য। আগতে নিশা ৰাজপথলৈ মানুহ ওলাবলৈ ভয় খাইছিল। ঘৰৰ পৰা ওলাই যোৱা মানুহজন নিশা আহি ঘৰ পায় নে নাপায় তাৰ সন্দেহ আছিল। কিন্তু এতিয়া নিৰ্বিঘ্নে জনসাধাৰণে চলা ফুৰা কৰিব পৰা হৈছে।

লগতে কয় বিটিচিত দুৰন্ত গতিৰে উন্নয়ন হৈছে। গতিকে আগন্তুক লোকসভা নিৰ্বাচনত যাতে সকলোৱে বিজেপিক ভোটদান কৰে। প্ৰতিটো বুথ সমিতিয়ে নিজৰ বুথটোৰ সৰ্বাধিক ভোট বিজেপিক দিয়াব পাৰিলেহে সেই বুথৰ কাৰ্যকৰ্তাসকলে নিজকে নেতা হিচাপে পৰিচয় দিব পাৰিব। আগন্তুক ২০২৪ চনৰ লোকসভা নিৰ্বাচন আমি জিকাটো নিশ্চিত কিন্তু ইয়াৰ পাছত ২০২৫ আৰু ২০২৬ চনত আছে ক্ৰমে বিটিচি নিৰ্বাচন আৰু বিধানসভা নিৰ্বাচন। গতিকে আহি থকা প্ৰতিটো নিৰ্বাচনতেই আমি জয় হব লাগিব।"

গতিকে তেওঁ বিজেপি-ইউপিপিএলৰ কৰ্মীসকলক নিজৰ মাজত প্ৰতিদন্বিতা নকৰি দুয়োটা দলৰ কৰ্মীসকলে এনডিএৰ প্ৰাৰ্থীগৰাকীক জয়ী কৰাৰ বাবে আহ্বান জনায়। ইফালে সভাত উপস্থিত থাকি অসমৰ কেৱিনেট মন্ত্ৰী অশোক সিংঘালে বিটিআৰৰ দুয়োটা সমষ্টিতে মিত্ৰদল দুটাৰ প্ৰাৰ্থী জয়ী হোৱাৰ দাবী কৰে।

তেওঁ কয় "বিটিআৰৰ বিৰোধী দল বিপিএফে লোকসভা নিৰ্বাচনত কাক সমৰ্থন কৰে নকৰে তাত কবলগীয়া নাই। কিন্তু বিটিআৰৰ দুয়োটা সমষ্টিতে যে এনডিএৰ মিত্ৰদলৰ প্ৰাৰ্থী জয়ী হব সেয়া নিশ্চিত।" আজিৰ এই সভাত বিটিচিৰ উপমুখ্য কাৰ্যবাহী সদস্য গোবিন্দ চন্দ্ৰ বসুমতাৰী, কেইৱাগৰাকীও বিধায়ক, ইএম, এমচিএলএ, জিলা সমিতিৰ সভাপতিসকল, দুয়োটা দলৰ একাংশ প্ৰাক্তন নেতা উপস্থিত থাকে। লক্ষণীয়ভাৱে আজিৰ এই সভাত জ্যেষ্ঠ বিজেপি নেতা তথা মঙ্গলদৈ লোকসভা সমষ্টিৰ প্ৰাক্তন সাংসদ ৰমেন ডেকাক দেখা নগ'ল।

বিটিআৰত বিজেপি-ইউপিপিএলৰ যৌথ সভা
দোকানলৈ আহি শিশুৰ সৈতে খেলি আছিল যুৱক, পাছত কৰি নিলে অপহৰণ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in