/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/daf12a73-569e-438a-b0c3-1698eec9affa/dhakuwakhana.jpg)
ডিজিটেল সংবাদ, ঢকুৱাখনা : ঢকুৱাখনা মহকুমাৰ পেট্ৰলজাত সামগ্ৰীৰ চৰকাৰী অনুজ্ঞাপত্ৰ প্ৰাপ্ত বিক্ৰী ক্ষেত্ৰখনৰ নবতম সংযোজন "ফুকন ফিলিং ষ্টেচন"ৰ দেওবাৰে পুৱা বেলা শুভ উন্মোচন কৰা হয়। ঢকুৱাখনা- মাজুলী সংযোগী লোকনিৰ্মান পথৰ ঢকুৱাখনা সদৰৰ আমোলাপট্টি অঞ্চলত অৱস্থিত 'ইণ্ডিয়ান অইল'ৰ অনুজ্ঞাপত্ৰ প্ৰাপ্ত এই পেট্ৰল ডিজেল পাম্পটোৰ মুখ্য দ্বাৰৰ ফিটা কাটি মংগল ধ্বনি, উৰুলিৰ মাজত শুভ উন্মোচন কৰে বিশিষ্ট নাগৰিক, টাই আহোম উন্নয়ন পৰিষদৰ সদস্য তথা কেন্দ্ৰটোৰ মুখ্য স্বত্বাধিকাৰী চাও দীপক কুমাৰ ফুকনে ।
অঞ্চলটোৰ গৰিষ্ঠ সংখ্যক বিশিষ্ট নাগৰিক উপস্থিত থকা উদ্বোধনী অনুষ্ঠানত কেন্দ্ৰটোৰ স্বতাধিকাৰী জ্যোতিষ সিংহ ফুকনৰ সহযোগিতাত ঢকুৱাখনা ৰাজহ চক্ৰৰ চক্ৰ বিষয়া ৰাহুল দলেয়ে কেন্দ্ৰটোৰ মুখ্য কাৰ্য্যালয়ৰ দ্বাৰ উন্মোচন কৰাৰ পৰৱৰ্তী সময়ত দুটা "দিছপেঞ্চাৰ পইণ্ট"ৰ ফিটা কাটি উদ্বোধন কৰে ক্ৰমে মহকুমা প্ৰশাসনৰ সহকাৰী আয়ুক্ত তথা ঢকুৱাখনা পৌৰ সভাৰ কাৰ্যবাহী বিষয়া অভিজাত বৰা আৰু ঢকুৱাখনা সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া নৱজ্যোতি ৰয়ে ।
ধেমাজি কেন্দ্ৰীয় হৰি নাম দলৰ শ্ৰুতি মধুৰ হৰি নামৰ ধ্বনিৰ মাজত সামগ্ৰিক ভাৱে পাম্পটোৰ মংগল কামনাৰে ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা জনাই দেওবাৰৰ পৰা ব্যবসায়িক সেৱা শুভাৰম্ভ কৰা হয় ।