/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/49a0df88-d22b-47b6-bd9b-43e9735073fb/PUHAR_08.jpg)
PUHAR PUHAR
ডিজিটেল ডেস্কঃ ফটোগ্ৰাফী ক্লাব অৱ আছাম (পিচিএ)ৰ উদ্যোগত অনুষ্ঠিত ‘পোহৰ-২০২২’ৰ দশম বাৰ্ষিক বিশেষ সংস্কৰণ (প্ৰিণ্ট আৰু ডিজিটেল সংস্কৰণ)- ৰাষ্ট্ৰীয় পৰ্যায়ৰ ফটোগ্ৰাফী প্ৰদৰ্শনী আৰু প্ৰতিযোগিতা অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, সাহিত্য অকাদেমী বঁটা বিজয়ী প্ৰসিদ্ধ লেখক, শ্ৰীমন্ত শংকৰদেৱ স্বাস্থ্য-বিজ্ঞান বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডাঃ ধ্ৰুৱজ্যোতি বৰাই বৃহস্পতিবাৰে আবেলি গৌহাটী আৰ্টিষ্টছ্ গিল্ডত শুভ উদ্বোধন কৰে। লগতে উপস্থিত থাকে পৰ্যটন বিভাগৰ যুটীয়া সঞ্চালক হৃদয়ৰঞ্জন দাস। সুৰক্ষা, প্ৰচাৰ আৰু সংৰক্ষণৰ মূলমন্ত্ৰৰ সৈতে আয়োজিত চাৰিদিনীয়া অনুষ্ঠানটোত সমগ্ৰ দেশ আৰু বিদেশৰ ২১৩ৰো অধিক ফটোগ্ৰাফাৰে অংশগ্ৰহণ কৰিব।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/499b54e6-9883-48ab-aa97-ade5463853de/269d9e84_85b6_42e9_aa5f_c028dafe3229.jpg)
ফটোগ্ৰাফী ক্লাব অৱ আছাম হৈছে ফটোগ্ৰাফাৰৰ বাবে এটি উপযুক্ত প্লেটফৰ্ম আৰু এটি সংস্থা, যিয়ে ফটোগ্ৰাফীৰ প্ৰচাৰ, প্ৰসাৰ আৰু সংৰক্ষণত গুৰুত্ব আৰোপ কৰি আহিছে। ২০১২চনৰ এপ্ৰিলত ডিব্ৰুগড়ত প্ৰতিষ্ঠা হোৱা ই দেশৰ অন্যতম শ্ৰেষ্ঠ ফটোগ্ৰাফিক সংগঠন হিচাপে পৰিগণিত হৈছে ৷ ফটোগ্ৰাফী ক্লাব অৱ আছামে বিশ্বৰ ফটোগ্ৰাফী প্ৰতিযোগিতাসমূহত বিভিন্ন বঁটা লাভ কৰিছে, যেনে- ৪০ খনতকৈও অধিক প্ৰতিযোগী দেশৰ সৈতে ফেৰ মাৰি ই এম পি এ আন্তঃৰাষ্ট্ৰীয় চেলুন ২০১৭ত শ্ৰেষ্ঠ ক্লাব বঁটা, ৫০ খনতকৈও অধিক প্ৰতিযোগী দেশৰ সৈতে প্ৰতিযোগিতাত অৱতীৰ্ণ হৈ ভাৰতীয় সোণালী ডিজিটেল চাৰ্কিট ২০১৬ত শ্ৰেষ্ঠ ক্লাব বঁটা, ফেডাৰেচন অৱ ইণ্ডিয়ান ফটোগ্ৰাফী ইণ্টাৰ ক্লাব প্ৰতিযোগিতা ২০১৫-ত তৃতীয় শ্ৰেষ্ঠ ক্লাব আৰু এই প্ৰতিযোগিতাৰ ২০১৬ সংস্কৰণত পঞ্চম শ্ৰেষ্ঠ ক্লাবৰ খিতাপ অৰ্জন কৰিছে ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/531f2335-9ef3-4719-a61a-fef93d089602/1064bfea_613f_4d24_9dc3_5c78e723a1ab.jpg)
বিভিন্ন প্ৰতিযোগিতাত সদস্যসকলৰ ব্যক্তিগত বঁটা বোৰে ১০০ৰো সীমা অতিক্ৰম কৰিছে ৷ ক্লাবটোত প্ৰায় ২০,০০০ অনলাইন সদস্য আৰু প্ৰায় ২ হাজাৰ পঞ্জীভুক্ত সদস্য আছে। এয়া হৈছে ভাৰতৰ ভিতৰত সৰ্বাধিক সদস্য থকা ফটোগ্ৰাফী সংস্থা ৷ ফটোগ্ৰাফীক ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলৰ আন যিকোনো কলাৰ দৰে সংস্কৃতিৰ মাধ্যম হিচাপে গঢ়ি তোলাৰ দৃষ্টিভংগীৰে ফটোগ্ৰাফী ক্লাব অৱ আছামৰ উত্তৰণ সাধন কৰা হৈছে। ফটোগ্ৰাফী ক্লাব অৱ আছাম- ফটোগ্ৰাফিক ছ'চাইটি অৱ আমেৰিকা আৰু ফেডাৰেচন অৱ ইণ্ডিয়ান ফটোগ্ৰাফীৰ সৈতে সংযুক্ত ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/1dd6f84b-1fe5-4716-b0f0-8aa5e692eea8/2ff67199_de4a_4027_9511_776ddf823c52.jpg)
পি চি এৰ বাৰ্ষিক ফটোগ্ৰাফী প্ৰদৰ্শনী 'পোহৰ' প্ৰথমবাৰৰ বাবে বিশ্ব ফটোগ্ৰাফী দিৱস (১৯ আগষ্ট)ত গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত কৰা হৈছিল ৷ ইয়াত সমগ্ৰ বিশ্বৰ পৰা সদস্য সকলৰ অসামান্য আলোকচিত্ৰ প্ৰদৰ্শন কৰা হৈছিল ৷ ফটোগ্ৰাফী কৰ্মশালা, গোট আলোচনা, অনুপ্ৰেৰণামূলক কাৰ্যসূচী আদিৰ সৈতে প্ৰদৰ্শনীখন ফটোগ্ৰাফীৰ বাৰ্ষিক উৎসৱলৈ ৰূপান্তৰিত হয় ৷ ২০২০ চনত ক'ভিড-১৯ৰ দ্বাৰা সৃষ্টি হোৱা মহামাৰীৰ পৰিস্থিতিৰ বাবে পিচিএ-এ বিশ্বৰ আগত প্ৰতিভা প্ৰদৰ্শনৰ বাবে ইয়াৰ সদস্যসকলৰ সুবিধাৰ্থে pohor.co.in নামৰ এটা ৱেব পৰ্টেল উপস্থাপন কৰি ডিজিটেল প্ৰদৰ্শনীৰ ৰূপত ‘পোহৰ’ক এক নতুন মাত্ৰা দিয়াৰ সিদ্ধান্ত লৈছিল ৷ পিচিএ-এ অদূৰ ভৱিষ্যতে ডিজিটেল আৰু প্ৰিণ্ট দুয়ো ধৰণে ‘পোহৰ’ৰ যাত্ৰা অব্যাহত ৰাখিবলৈ গভীৰ আশাবাদী আৰু এইক্ষেত্ৰত বহুতো নতুন সংযোজন কৰি থকা হৈছে বুলি জনায়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/337da390-53c1-455f-80cd-65027741ccaa/ffd552cf_a793_487c_b0ad_d20dad4bf6b1.jpg)
'পোহৰ-২০২২’ৰ উদ্বোধনী অনুষ্ঠানত প্ৰখ্যাত ফটোগ্ৰাফাৰ সঞ্জীৱ গোহাঁই বৰুৱা, লীলা দত্ত আদিকে ধৰি ভালেসংখ্যক খ্যাতনামা ফটোগ্ৰাফাৰ উপস্থিত থাকে৷ আয়োজক সকলে ফটোগ্ৰাফীপ্ৰেমী সকলক প্ৰদৰ্শনীখন পৰিদৰ্শন কৰিবলৈ আহ্বান জনায়।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us