প্ৰেম-প্ৰলোভন আৰু প্ৰতাৰণা ! প্ৰেমিকৰে যুৱতীৰ অন্তৰংগ মুহূৰ্তৰ ফটো ভাইৰেল

আত্মহত্যাৰ টোকা লিখি আত্মহননৰ পথ বাচি লোৱাৰ চেষ্টা ভুক্তভোগী যুৱতীৰ
প্ৰেম-প্ৰলোভন আৰু প্ৰতাৰণা ! প্ৰেমিকৰে যুৱতীৰ অন্তৰংগ মুহূৰ্তৰ ফটো ভাইৰেল

ডিজিটেল সংবাদ, জামুগুৰিহাট : প্ৰেমৰ নামত প্ৰতাৰণা ! প্ৰথমে প্ৰেম তাৰপিছত বিবাহৰ প্ৰস্তাৱ। পৰৱৰ্তী সময়ত বলপূৰ্বকভাৱে যুৱতীৰ শিৰত সেন্দুৰ আৰু বিলাসী হোটেলত সহবাস কৰি অসংযত অৱস্থাৰ ফটো সংগ্ৰহ আৰু শেষত সামাজিক মাধ্যমত ফটো ভাইৰেল কৰা কাণ্ডই জোকাৰি গৈছে জামুগুৰিহাট অঞ্চল ৷

এই ঘটনা সংঘটিত হৈছে জামুগুৰিহাটৰ এগৰাকী যুৱতীৰ লগত ৷ পোহৰলৈ অহা তথ্য অনুসৰি, জামুগুৰিহাটৰ পাচিগাঁৱৰ এগৰাকী যুৱতীৰ লগত সামাজিক মাধ্যমৰ জৰিয়তে চিনাকি হৈছিল গুৱাহাটীৰ আজাৰৰ যুৱক বিশ্বজিত দাস ৷

চিনাকি হোৱাৰ পিছতেই ক্ৰমাৎ যুৱতীগৰাকীৰ ঘৰলৈ অহা-যোৱা কৰিছিল বিশ্বজিত দাস। ইয়াৰ পিছত তেওঁ যুৱতীগৰাকীৰ ঘৰত বিবাহৰ প্ৰস্তাৱ দিয়ে আৰু পৰৱৰ্তী সময়ত কথা মতেই প্ৰেমিক বিশ্বজিতৰ পৰিয়ালৰ লোকক যুৱতীগৰাকীৰ ঘৰলৈ পঠিয়াই দিয়ে।

বায়ু সেনাত চাকৰি কৰা বুলি পৰিচয় দিয়া এইগৰাকী যুৱকে যুৱতীগৰাকীক বলপূৰ্বকভাবে ঐতিহ্যমণ্ডিত নাগশংকৰ মন্দিৰত শিৰত সেন্দুৰ দিয়ে। ইয়াৰ পিছতে বিশ্বজিতে আত্মীয়ৰ কোনো লোকৰ অসুস্থতাৰ খবৰ লবলৈ বুলি যুৱতীগৰাকীক গুৱাহাটীলৈ লগত লৈ যায়।

গুৱাহাটীৰ বিলাসী হোটেলত তেওঁলোকে নৈশ যাপন কৰে আৰু তাতেই দুয়োৰে অসংযত অৱস্থাৰ ফটো তুলি সেই ফটো সামাজিক মাধ্যমত ভাইৰেল কৰিবলৈ বিশ্বজিতে আৰম্ভ কৰে বুলি জানিব পৰা গৈছে ৷ প্ৰৱঞ্চক বিশ্বজিত দাসে যুৱতীগৰাকীৰ ইনষ্টাগ্ৰাম একাউন্ট হেক কৰি ফটোসমূহ ভাইৰেল কৰাৰ উপৰি যুৱতীগৰাকীৰ মাতৃৰ ফেচবুক একাউন্টো হেক কৰি এই কু-কৰ্মবোৰ কৰিবলৈ আৰম্ভ কৰিছিল৷৷

ইফালে প্ৰবঞ্চক বিশ্বজিত দাসৰ এই কু-কাণ্ডৰ বিষয়ে জানিব পাৰি বিশ্বাসৰে আঁকোৱালি লোৱা যুৱতীগৰাকী হতভম্ব হৈ পৰে। ফলত আত্মহত্যাৰ টোকা লিখি আত্মহনন কৰাৰ চেষ্টা কৰে যদিও কোনোমতেহে পৰিয়ালৰ লোকৰ প্ৰচেষ্টাত প্ৰাণ ৰক্ষা পৰে ৷

আনহাতে লম্পট, প্ৰৱঞ্চক বিশ্বজিতে কৰা এই কু-কাণ্ডৰ বিষয় সন্দৰ্ভত জানিবলৈ বিচাৰি যুৱতীগৰাকীয়ে যোগাযোগ কৰাত ওলোতাই যুৱতীগৰাকীৰ লগতে পৰিয়ালটিক ভয়-ভাবুকি দিয়াৰ অভিযোগ উত্থাপন কৰে যুৱতীগৰাকীয়ে ৷ প্ৰেম,বিবাহ আৰু অন্যান্য কথাৰ প্ৰলোভনৰে শ্লীলতা হানি কৰি সামাজিক মাধ্যমত ফটো ভাইৰেল কৰি যুৱতীগৰাকীক জনমানসত হেয় প্ৰতিপন্ন কৰিবলৈ চেষ্টা কৰা প্ৰৱঞ্চক বিশ্বজিত দাসে যুৱতীগৰাকীৰ জন্মৰ প্ৰমাণপত্ৰৰ লগতে আধাৰ কাৰ্ড আদি জালিয়াতি কৰাৰ অভিযোগো উত্থাপন হৈছে।

ইতিমধ্যে প্ৰৱঞ্চক বিশ্বজিতৰ বিৰুদ্ধে ভুক্তভোগী যুৱতীগৰাকীৰ পৰিয়ালে ইতিমধ্যে জামুগুৰি আৰক্ষী থানাত এজাহাৰো দাখিল কৰিছে ৷ এতিয়া প্ৰশ্ন হয়- প্ৰেমৰ চলনাৰে সহজ সৰল এগৰাকী যুৱতীৰ শ্লীলতা হানি কৰি প্ৰতাৰণা কৰিবলৈ অলপো কুণ্ঠাবোধ নকৰা আৰু প্ৰতাৰণা সহ্য কৰিব নোৱাৰি এগৰাকী যুৱতীয়ে আত্মহননৰ দৰে পথ বাচি ল’বলৈ সিদ্ধান্ত লোৱা এইগৰাকী প্ৰৱঞ্চক বিশ্বজিত দাসৰ বিৰুদ্ধে জামুগুৰি আৰক্ষীয়ে কেনে ব্যৱস্থা গ্ৰহণ কৰে, সেয়াহে লক্ষণীয় হ’ব।

প্ৰেম-প্ৰলোভন আৰু প্ৰতাৰণা ! প্ৰেমিকৰে যুৱতীৰ অন্তৰংগ মুহূৰ্তৰ ফটো ভাইৰেল
গুৱাহাটীত উপস্থিত আলোচনাপন্থী আলফা নেতৃত্ব : শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আদৰণি অনুষ্ঠান

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in