ঢোল পেঁপা গগনাৰ ছন্দোময়তাত মুখৰিত ফাটবিহু বাকৰি

ঢোল পেঁপা গগনাৰ ছন্দোময়তাত মুখৰিত ফাটবিহু বাকৰি

ডিজিটেল সংবাদ, ঢকুৱাখনা: অসমীয়া জাতিয় জীৱনৰ সতে সম্পৃক্ত ৰঙালী বিহুক আধুনিকতাৰ কৰাল গ্ৰাসৰ পৰা নিলগাই বিহুৰ স্বকীয়তা আৰু মৰ্যাদা অক্ষুন্ন ৰাখি শতিকা জুৰি উদযাপিত কৰি অহা হৈছে ফাটবিহু । ঢকুৱাখনাৰ স্বাভিমানী নৈ চাৰিকড়ীয়াৰ অববাহিকাৰ মহঘুলি চাপৰিৰ বিহু বাকৰিত শুক্ৰবাৰৰ পৰা আৰম্ভ হোৱা বৰ্ণিল লোক মহোৎসৱটোৰ শনিবাৰে দ্বিতীয় দিনা পুৱাৰ পৰাই  ঢোল তাল, পেঁপা, গগনা আৰু জাক জাক বিহুৱা  বিহুৱতীৰ ছন্দোময়তাত প্ৰাণোচ্ছল পৰিবেশৰ সৃষ্টি হয় ।

লোক সংস্কৃতিপ্ৰেমী অগণন দৰ্শকৰ সমাগমেৰে উজ্জীৱিত হৈ পৰা ফাটবিহু বাকৰিত দ্বিতীয় দিনৰ প্ৰথম কাৰ্যসূচী থলুৱা শিপিনী সকলৰ মাজত অনুষ্ঠিত কৰা হয় গামোচা প্ৰতিযোগিতা ।গৰিষ্ঠ সংখ্যক শিপিনীৰ বয়ন শিল্পৰ সৃষ্টিশীল প্ৰতিযোগিতা উন্মোচন কৰে বিশিষ্টা মহিলা লাবন্য শইকীয়া বৰুৱাই। ইয়াৰ পূৰ্বে বিহু বাকৰিৰ বট বৃক্ষত কপৌ ফুল ভাটৌ ফুল আদি ৰোপণ কৰে বিশিষ্ট প্ৰকৃতিবিদ ,বেংক বিষয়া দেৱজিৎ ফুকনে।

পৰৱৰ্তী সময়ত বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত সমন্বয়ৰ বাণী বিলাই অনুষ্ঠিত হোৱা ফাটবিহুৰ পূৰ্ণবয়স্ক হুঁচৰি প্ৰতিযোগিতা উদ্বোধন কৰে বিশিষ্ট বিহুৱা খগেন গগৈয়ে । বৰ অসমৰ সকলো জাতি  জনগোষ্ঠীৰ স্বকীয় লোক সংস্কৃতিৰ নিৰ্ভেজাল উপস্থাপনেৰে অনুষ্ঠিত হব লগীয়া এই পূৰ্ণ বয়স্ক হুঁচৰি প্ৰতিযোগিতা উদ্বোধন কৰি বিহু সম্ৰাট খগেন গগৈয়ে কয় অসমীয়া জাতিয় চেতনাৰ অমুঘ শক্তি বিহুক, হুঁচৰিক স্বৰ্গদেউ ৰুদ্ৰ সিংহই স্বীকৃতি দিছিল অসমৰ জাতিয় উৎসৱ হিচাবে।

তেতিয়াৰে পৰা ৰঙালী বিহুৱে সমন্বয়ৰ ধ্বজা উৰুৱাই শতিকা জুৰি  অসমীয়াই উদযাপিত কৰি আহিছে ৰঙৰ বিহু ৰঙালীক। গগৈয়ে "আমাৰ এই বিহুৰ কোনো ধৰ্ম নাই । সম্প্ৰীতি ,ঐক্যতা আৰু মানৱ ধৰ্মই বিহুৰ একক ধৰ্ম। আহোম ৰজা তথা স্বৰ্গদেউ সকলৰ উদাৰ দৃষ্টিভংগী আৰু বহল মানৱতাবাদী চিন্তা চৰ্চাৰ বাবেই তাহানিৰ বিহুত ধৰ্মৰ প্ৰভাৱ নাছিল। এয়া অসমীয়াৰ কাম্যও নহয় । কিন্তু এতিয়া সময়ৰ গতি আৰু পৰিবৰ্তনৰ গ্ৰাসত পৰি বিহুত ধৰ্মৰ কুপ্ৰভাৱ পৰিছে ।এয়া শুভ নহয় বুলি মন্তব্য কৰে। 

প্ৰবীণ বিহুৱা গগৈয়ে আহোম ৰাজত্বৰ কীৰ্তিস্তম্ভ শিৱসাগৰৰ ৰংঘৰত ধৰ্মৰ কু প্ৰভাৱ পৰা বিষয়টো অনুকীয়াই তীব্ৰ ক্ষোভ প্ৰকাশ কৰি কয় ৰংঘৰ সদায় ৰঙৰ ঘৰ। ইয়াত লৈ ধৰ্ম কৰা উচিত নহয় । ধৰ্মীয় আঁচোৰবিহীন ফাটবিহুৰ এই একক আৰু অনন্য স্বকীয়তা অক্ষুন্ন ৰখাত ভৱিষ্যত প্ৰজন্মৰ কৰণীয়তা অধিক বুলি মন্তব্য কৰে। যুৱ প্ৰজন্মই এই স্বকীয়তা ধৰি নাৰাখিলে কালৰ গতিত এই  সংস্কৃতিৰ বৰ ঘৰৰ ভেঁটি খহিব বুলিও মন্তব্য কৰি এনে এখন বিশাল বাকৰিত উপস্থিত হৈ হুঁচৰি প্ৰতিযোগিতা উদ্বোধন কৰিবলৈ সুযোগ পায় নিজকে ধন্য মানি পুৰণি বিহু নাম পৰিবেশন কৰি উপস্থিত সকলোকে সন্মোহিত কৰে বিহুৱা খগেন গগৈয়ে ।

মিচিং, দেউৰীকে ধৰি বিভিন্ন জাতি জনগোষ্ঠীৰ মুঠ ২৫ টা হুঁচৰি দলে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে। ইয়াৰ মাজতেই ফাটবিহুৰ বছেৰেকীয়া প্ৰকাশ উদযাপন সমিতিৰ মুখপত্ৰ "বিহুৱান" উন্মোচন কৰে বিশিষ্টা ঔপন্যাসিকা , কথা শিল্পী অনুৰাধা শৰ্মা পূজাৰীয়ে ।

ফাটবিহু সমিতি ,উদযাপন সমিতিৰ বিহুৱান, জাপি , স্মাৰকেৰে উষ্ণ সন্মানিত হৈ বিশিষ্টা  সাহিত্যিক গৰাকীয়ে স্বৰ্ণলতা গগৈ চমুৱা সম্পাদিত প্ৰয়াত শিক্ষাবিদ লক্ষীনন্দন গগৈৰ সশ্ৰদ্ধ স্মৃতিত পত্নী লাবন্য সূত গগৈ আৰু পৰিয়ালবৰ্গই প্ৰকাশ কৰি উলিওৱা এই মুখপত্ৰখন জনাকীৰ্ণ পৰিবেশত আয়তীৰ উৰুলি, মঙ্গলধ্বনিৰ মাজত উন্মোচন কৰি লেখনি সমগ্ৰৰ ওপৰত সাৱলীল অবলোকণ কৰে । নিজৰ উন্মোচনী ভাষণত  সাহিত্যিক শৰ্মা পূজাৰীয়ে কয় সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ থলুৱা অসমীয়াৰ আজি হৃদয় স্পন্দিত হৈছে ঢকুৱাখনাৰ ফাটবিহু বাকৰিত।

উত্তৰ পূৰ্বাঞ্চলবাসী সংস্কৃতিপ্ৰেমীৰ সঞ্চিত আবেগ আৰু স্বাভিমানৰ খনিলৈ ৰূপান্তৰ ঘটিছে ফাটবিহু বাকৰি । প্ৰাকৃতিক স্বকীয় পৰিবেশত জাতি জনগোষ্ঠী , ধৰ্ম ভাষা নিৰ্বিশেষে আগমন ঘটা সাংস্কৃতিক দলৰ ঢোলৰ গুম গুমনিৰ লগতে পাৰিপাৰ্শ্বিক পৰিবেশত একাত্ম হৈ হৃদয়ত যি অব্যক্ত অনুভূতি অনুৰণিত হৈছে সেয়া অপূৰ্ব আৰু অন্যন্য বুলি কয় উন্মোচক গৰাকীয়ে  । নিজৰ সুদীর্ঘ মননশীল উন্মোচনী ভাষণত সাহিত্যিক গৰাকীয়ে কয় যদি বিহুৰ বিনন্দীয়া ,স্বাভাৱিক, স্বতঃস্ফূৰ্ত আৰু স্বাভাৱিক ৰূপ চাবলৈ হেঁপাহ আছে অসমীয়াৰ তেন্তে তাক মনে প্রানে উপলব্ধি কৰিবলৈ ফাটবিহু চাবলৈ এবাৰ আহক।

ফাটবিহু কেৱল ঢকুৱাখনাবাসীৰ প্ৰাণস্পন্দন নহয় এয়া অসমীয়া জাতিৰ সাংস্কৃতিক বৈভৱ ,প্ৰাণ স্পন্দন আৰু এই বাকৰি সম্প্ৰীতি আৰু সমন্বয়ৰ পূণ্যতীৰ্থ বুলি কৈ শৰ্মা পূজাৰীয়ে ফাটবিহুক বিশ্বজনিন কৰিবলৈ ফাটবিহুক পৰ্য্যটকৰ বাবে সাৰ্বজনীন কৰিবলৈ অসম চৰকাৰৰ পৰ্যটন বিভাগৰ কেলেণ্ডাৰত একক আৰু অনন্য মহোৎসৱ ফাটবিহুক সন্নিবিষ্ট কৰাৰ বাবে ৰাজ্য চৰকাৰৰ প্ৰতি আহ্বান জনায় এই ক্ষেত্ৰত মুখ্যমন্ত্ৰীৰ দৃষ্টিগোচৰ কৰাৰ বাবে আয়োজক সমিতিক আহ্বান জনায় । প্ৰকৃতিৰ বিনন্দীয়া পৰিবেশত উদযাপিত ফাটবিহু অনাদি অনন্ত কাললৈ চাৰিকড়িয়া নদীৰ দৰেই নিৰবধি প্ৰবাহিত হৈ থাকিব বুলি কৈ এই নিভাঁজ বিহু ঢকুৱাখনাবাসীৰ উদ্যোগত যেতিয়ালৈকে অনুষ্ঠিত হৈ থাকিব তেতিয়ালৈকে অসমীয়া জাতিয় সংস্কৃতি ৰঙালী বিহুৰ শিৰোন্নত হৈ থাকিব বুলি মন্তব্য কৰে সাহিত্যিক গৰাকীয়ে ।

প্ৰয়াত স্বীনামধন্য সাহিত্যিক হোমেন বৰগোহাঞিৰ চাৰিকড়িয়া প্ৰীতিৰ বৰ্ণনা কৰি প্ৰকৃতি আৰু মানুহৰ স্বতঃস্ফূৰ্ত আনন্দ আৱেগত প্ৰস্ফুটিত হোৱা এনে লোক উৎসৱে বিহু বাকৰিক পূণ্যতীৰ্থ আৰু পবিত্ৰ সাংস্কৃতিক ক্ষেত্ৰলৈ ৰূপান্তৰিত কৰা বুলি কৈ ইয়াৰ বাবে তেঁও  ঢকুৱাখনাবাসীক গণ দেৱতা আখ্যা দি ফাটবিহু আৰু "বিহুৱান" চিৰঞ্জীবি হোৱাৰ কামনা কৰে । বিভিন্ন জাতি জনগোষ্ঠীৰ নিজস্ব সাংস্কৃতিক বৈভৱ উপস্থাপনেৰে উখল মাখল পৰিবেশৰ সৃষ্টি হোৱা বিহু বাকৰিত ৮ গৰাকী  প্ৰবীণ কৃতি বিহুৱা আৰু চহা ব্যক্তিকসম্বৰ্ধনা জনোৱা হয়।

ৰাজ্য চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰঞ্জিত দাসে এইসকল প্ৰবীণ বিহুৱা আৰু চহাপ্ৰাণক জাতিয় বস্ত্ৰ গামোচা, জাপি আদিৰে উষ্ণ সম্বৰ্ধনা জনাই ফাটবিহু সমিতিৰ সহযোগত। উল্লেখ্য যে ফাটবিহুৰ দেওবাৰৰ অন্তিম দিনৰ কাৰ্যসূচীত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই অংশগ্ৰহণ কৰিব। পুৱা৯ বজাত বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰিব অভিনেত্ৰী গীতাৱলী ৰাজকুমাৰীয়ে ।

মন্ত্ৰী ডাঃ ৰনোজ পেগু, মন্ত্ৰী বিমল বৰা, সাংসদ প্ৰদান বৰুৱা ,বিধায়ক নৱ দলে, প্ৰাক্তন বিধায়ক আৰু অসম পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱা উপস্থিত থাকিব।  বিপৰীতে নিৰ্দিষ্ট বক্তা হিচাবে বিশিষ্ট সাহিত্যক ডঃ অঞ্জন জ্যোতি চৌধুৰী , আমন্ত্ৰিত অতিথি হিচাবে বিশিষ্ট অনাতাঁৰ শিপ্লী চৈয়দ চাদুল্লা আদি উপস্থিত থাকিব লগা মুকলি সভাৰ পূৰ্বে ফাটবিহুৰ বৈশিষ্ট্যপূৰ্ণ মুকলি বিহু অনুষ্ঠিত হব বিহু বাকৰিত । উদযাপন সমিতিয়ে  দেওবাৰৰ সমূহ কার্যসূচীত সাংস্কৃতিক প্ৰেমীৰ উপস্থিতি আন্তৰিকতাৰে কামনা কৰিছে ।

ঢোল পেঁপা গগনাৰ ছন্দোময়তাত মুখৰিত ফাটবিহু বাকৰি
কোন হ'ব কৰ্ণাটকৰ মুখ্যমন্ত্ৰী? হাই কামাণ্ডে নুমৱাব পাৰিবনে কংগ্ৰেছৰ অন্তৰ্কন্দলৰ জুই...

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in