/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/516d6dd2-95e9-4e53-9c87-4fc24ea070e9/pepsico.jpg)
ডিজিটেল সংবাদ, মানকাচৰ : দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ মানকাচৰৰ ঝাউডাঙা জ্ঞান বিকাশ জাতীয় বিদ্যালয়ত আজি বিয়লি ৪ বজাত হাটশিঙিমাৰী কৃষক উতপাদক কোম্পানীৰ কৃষক গোট সমূহৰ লগত পেপছিকো কোম্পানীয়ে চুক্তিবদ্ধ আলু খেতিৰ বাবে এখন মত বিনিময়ত সভা অনুষ্ঠিত কৰে।
উল্লেখযোগ্য যে পোপছিকো কোম্পানীয়ে পেপছি, থানছাপৰ উপৰিও কুৰকুৰে, লেইচকে ধৰি বিভিন্ন চিপছ প্ৰস্তুত কৰি বিশ্বজুৰি বজাৰ দখল কৰিবলৈ সক্ষম হৈছে। পেপছিকো কোম্পানীয়ে চিপছ প্ৰস্তুত কৰাৰ বাবে দেশৰ বিভিন্ন ৰাজ্যৰ লগতে অসমৰ মুঠ ৯ খন জিলাত আলু খেতি কৰা কৃষক সকলৰ সৈতে চুক্তিবদ্ধ ভাবে আলু খেতি কৰি আলু সমূহ পূৰ্বে নিৰ্ধাৰিত মুল্যত ক্ৰয় কৰি আহিছে। এইবেলি পেপছিকোই অসমৰ মুঠ ১২ খন জিলাত কৃষকৰ সৈতে এই চুক্তিবদ্ধ আলু খেতি কৰাৰ বাবে সিদ্ধান্ত গ্ৰহন কৰিছে। ৰাজ্যৰ আন ১১ খন জিলাৰ লগতে দক্ষিণ শালমাৰা-মানকাচৰ জিলাত হাটশিঙিমাৰী কৃষক উৎপাদক কোম্পানীৰ সহযোগত পেপছিকোই এই চুক্তিবদ্ধ আলু খেতি কৰিব।
ইয়াৰ বাবে আজি বিয়লি চাৰি বজাত পেপছিকোই মানকাচৰৰ ঝাউডাঙা জ্ঞান বিকাশ জাতীয় বিদ্যালয়ত হাটশিঙিমাৰী এফ পি চিৰ সহযোগত শতাধিক কৃষকৰ সৈতে এখন মত-বিনিময় সভা অনুষ্ঠিত কৰে। পেপছিকো কোম্পানীৰ অসমৰ সহকাৰী প্ৰবন্ধক বিজয় শংকৰ গোস্বামী এই মত বিনিময় অনুষ্ঠানত মুখ্য ব্যক্তি বিচাপে উপস্থিত থাকি কৃষক সকলে পেপছিকোৰ সৈতে চুক্তিবদ্ধ আলু খেতি কৰিলৈ কেনে ধৰণৰ সুবিধা পাব তাক লৈ কৃষক সকলৰ লগত মত বিনিময় কৰে। এই অনুষ্ঠানত হাটশিঙিমাৰী জিলা কৃষি বিষয়া মইনুল হক সমল ব্যক্তি হিচাপে উপস্থিত থাকে।
আনহাতে হাটশিঙমাৰী এফপিচিৰ অধ্যক্ষ মইনুল হকেও এই মত-বিনিময় অনুষ্ঠানত উপস্থিত থাকি কৃষক সকলে কম খৰচত চুক্তিবদ্ধ আলু খেতি কৰি অধিক লাভাম্বিত হব বুলি মত প্ৰকাশ কৰে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us