ক্ষতিপূৰণ নিদিয়াৰ বাবেই পাৱাৰ গ্ৰীডৰ লাইন সংযোগৰ কাম বন্ধ কৰিলে ৰাইজে...

ক্ষতিপূৰণ নিদিয়াৰ বাবেই পাৱাৰ গ্ৰীডৰ লাইন সংযোগৰ কাম বন্ধ কৰিলে স্থানীয় ৰাইজে । খাতিখোৱা দৰিদ্ৰ লোকৰ ওপৰত মাধমাৰ সোধাইছে পাৱাৰগ্ৰীড কৰ্পৰেচনে । মঙলবাৰে বহু দিনৰ পৰা বিশ্বনাথ তথা বিহালীৰ বিভিন্ন অঞ্চলত পাৱাৰ গ্ৰীড কৰ্পৰেচনে ৱেৰিংৰ কাম অব্যাহত ৰাখিছে

author-image
Asomiya Pratidin
New Update
ক্ষতিপূৰণ নিদিয়াৰ বাবেই পাৱাৰ গ্ৰীডৰ লাইন সংযোগৰ কাম বন্ধ কৰিলে ৰাইজে...

ডিজিটেল সংবাদ, বিহালীঃ ক্ষতিপূৰণ নিদিয়াৰ বাবেই পাৱাৰ গ্ৰীডৰ লাইন সংযোগৰ কাম বন্ধ কৰিলে স্থানীয় ৰাইজে । খাতিখোৱা দৰিদ্ৰ লোকৰ ওপৰত মাধমাৰ সোধাইছে পাৱাৰগ্ৰীড কৰ্পৰেচনে । মঙলবাৰে বহু দিনৰ পৰা বিশ্বনাথ তথা বিহালীৰ বিভিন্ন অঞ্চলত পাৱাৰ গ্ৰীড কৰ্পৰেচনে ৱেৰিংৰ কাম অব্যাহত ৰাখিছে ।

এই ৱেৰিংৰ কামৰ বাবে অধিগ্ৰহণ কৰিছে বহু লোকৰ ভুমি। এই ভূমি অধিগ্ৰহণ কৰা লোকক পাৱাৰগ্ৰীড কৰ্পৰেচনে ভূমি অধিগ্ৰহণ কৰা বাবদ ক্ষতিগ্ৰস্ত লোকক উপযুক্ত ক্ষতিপূৰণ প্ৰদান কৰাৰ পিছতেহে উক্ত ভূমিত কাম চলাব লাগে যদিও সেইয়া হৈ নুঠিল।

কৃষিজীৱী লোকক খেতি পথাৰ তথা বহু দৰিদ্ৰ লোকৰ ভেটি মাটি অধিগ্ৰহণ কৰিছে যদিও পাৱাৰগ্ৰীড কতৃপক্ষই সেই সকল লোকক প্ৰদান নকৰিলে ক্ষতিপূৰণ । কিছু সংখ্যক লোকক ক্ষতি পূৰণ দিছে যদিও উপায়ুক্ত পৰিমাণৰ নহয় ।

যাৰ বাবে আজি বিশ্বনাথৰ অন্তৰ্গত বিহালী সমষ্টিৰ মোনাবাৰী বস্তিৰ স্থানীয় লোকসকল এইদৰে ক্ষোভিত হৈ পৰিল পাৱাৰ গ্ৰীড কৰ্পৰেচনৰ বিৰুদ্ধে । মোনাবাৰী বস্তিত এইদৰে পাৱাৰ গ্ৰীড কৰ্পৰেচনে ৱাৰিংৰ নিৰ্মাণ কাম কৰিবলৈ লওতেই কাম বন্ধ কৰাই স্থানীয় ৰাইজে । স্থানীয় ৰাইজে উক্ত স্থানতে পাৱাৰ গ্ৰীড কৰ্পৰেচৰ বিৰুদ্ধে বিভিন্ন শ্ল'গান প্ৰদৰ্শন কৰি তেওঁলোকৰ উপযুক্ত পৰিমাণৰ ক্ষতি পূৰণ প্ৰদান নকৰা লৈকে উক্ত নিৰ্মাণ কাম বন্ধ ৰাখিবলৈ দাবী জনাইছে।

Also Read: তামুলপুৰত প্ৰাতঃভ্ৰমণলৈ যোৱাৰ সময়তে ষাঠি উৰ্দ্ধৰ লোকক অপহৰণ দুৰ্বৃত্তৰ...

people stop work non-payment of compensation