তামুলপুৰত প্ৰাতঃভ্ৰমণলৈ যোৱাৰ সময়তে ষাঠি উৰ্দ্ধৰ লোকক অপহৰণ দুৰ্বৃত্তৰ...

জানিব পৰা মতে তামুলপুৰৰ বাৰেইগাঁৱৰ এগৰাকী বয়সীয়াল লোক মৰ্ণিং ৱাৰ্ক কৰিবলৈ গৈছিল । যাওঁতে ৰঙিয়া-ভুটান আন্তঃৰাষ্ট্ৰীয় ঘাইপথৰ পৰাই অচিনাক্ত দুৰ্বৃত্তই গাড়ীত উঠাই লৈ যায়

author-image
Asomiya Pratidin
New Update
তামুলপুৰত প্ৰাতঃভ্ৰমণলৈ যোৱাৰ সময়তে ষাঠি উৰ্দ্ধৰ লোকক অপহৰণ দুৰ্বৃত্তৰ...

ডিজিটেল সংবাদ, তামুলপুৰঃ জানিব পৰা মতে তামুলপুৰৰ বাৰেইগাঁৱৰ এগৰাকী বয়সীয়াল লোক মৰ্ণিং ৱাৰ্ক কৰিবলৈ গৈছিল । যাওঁতে ৰঙিয়া-ভুটান আন্তঃৰাষ্ট্ৰীয় ঘাইপথৰ পৰাই অচিনাক্ত দুৰ্বৃত্তই গাড়ীত উঠাই লৈ যায় ।

Advertisment

উক্ত ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ অঞ্চলটোত। ঘটনাৰ বিৱৰণ অনুসৰি মঙলবাৰে পুৱা প্ৰায় ৫ মান বজাত তামুলপুৰ সদৰৰ বাৰেইগাঁৱৰ ধনপতি লাহৰী (৬৫) নামৰ ব্যক্তিজনে মৰ্ণিং ৱাকৰ বাবে ওলাই যাওতে ঘৰৰ পৰা এশ মিটাৰ দূৰত্বত থকা তামুলপুৰ পাৰ্কৰ সন্মুখৰ পৰা এখন বাহনত অচিনাক্ত দুৰ্বৃত্তৰ দল এটাই জোৰকৈ উঠাই লৈ যোৱাৰ কথা উল্লেখ কৰে স্থানীয় ৰাইজে ।

খবৰ লাভ কৰিয়েই ঘটনাস্থলীত উপস্থিত হয় আৰক্ষীৰ দল ৷ ঘটনা সম্পৰ্কত ইতিমধ্যেই তামুলপুৰ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে যদিও বৰ্তমানে ব্যক্তিজনৰ কোনো শুংসূত্ৰ উলিয়াব পৰা নাই ।

ইপিনে অপহৰণকাৰীৰ সৈতে অপহৃত লোকজনৰ টনা-টনি লাগোতে চাৰ্টৰ কামিজৰ বুটাম চিঙি যোৱাৰ লগতে ভৰিৰ চেন্দেল যোৰ পথৰ ওপৰতে ৰৈ যায় ৷ লোক জন অৱসৰপ্ৰাপ্ত লোকনিৰ্মাণ বিভাগৰ চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰী আছিল ৷ অপহৰণৰ কাৰণ বৰ্তমানেও জানিব পৰা হোৱা নাই

Also Read: কোন হ'ব কৰ্ণাটকৰ মুখ্যমন্ত্ৰী ?

sixtyfiveyearold kidnap