তৃতীয়-চতুৰ্থ বৰ্গৰ চাকৰিৰ বাবে ইন্টাৰনেট সেৱা বাতিলৰ সিদ্ধান্তক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

তৃতীয়-চতুৰ্থ বৰ্গৰ চাকৰিৰ বাবে ইন্টাৰনেট সেৱা বাতিলৰ সিদ্ধান্তক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

author-image
asomiyapratidin
New Update
তৃতীয়-চতুৰ্থ বৰ্গৰ চাকৰিৰ বাবে ইন্টাৰনেট সেৱা বাতিলৰ সিদ্ধান্তক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

ডিজিটেল ডেস্ক: তৃতীয় -চতুৰ্থ বৰ্গৰ চৰকাৰী চাকৰিৰ বাবে ২১ আগষ্ট, ২৮ আগষ্ট আৰু ১১ ছেপ্টেম্বৰত তিনি দিনীয়াকৈ ৰাজ্যৰ ৩০ খন জিলাত অনুষ্ঠিত হ'ব বাচনি পৰীক্ষা। এই বাচনি পৰীক্ষা স্বচ্ছ আৰু নকল মুক্ত কৰাৰ বাবে চৰকাৰে সমগ্ৰ ৰাজ্যৰ পৰীক্ষা কেন্দ্ৰ সমূহৰ ১০০ মিটাৰ ব্যাসাৰ্ধ এলেকাত উক্ত দিন কেইটাত ইন্টাৰনেট সেৱা বন্ধ কৰাৰ নিৰ্দেশনা জাৰি কৰিছে।

Advertisment

ইফালে চৰকাৰৰ এনে নিৰ্দেশনাক লৈ সমগ্ৰ ৰাজ্যত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।ইয়াৰ মূল কাৰণ হ'ল ২৮ আগষ্টত অনুষ্ঠিত হ'ব জে ই ই এডভান্সৰ সৰ্বভাৰতীয় বাচনি পৰীক্ষা। আনহাতে চিকিৎসা বিজ্ঞানৰ বহু বিভাগৰ বিভিন্ন চেমিষ্টাৰৰ পৰীক্ষাও বৰ্তমানে চলি আছে।এই পৰীক্ষাৰ প্ৰস্তুতি চলোৱা হাজাৰ হাজাৰ শিক্ষাৰ্থী সৰ্বক্ষম ইন্টাৰনেট সেৱাৰ ওপৰত নিৰ্ভৰশীল।

চৰকাৰে তৃতীয়- চতুৰ্থ বৰ্গৰ বাচনি পৰীক্ষাৰ বাবে ইন্টাৰনেট সেৱা বন্ধ ৰখাৰ বাবে যি সিদ্ধান্ত লৈছে সেই সিদ্ধান্ত অতি নিসন্দেহে এই পৰীক্ষা সমূহৰ পৰীক্ষাৰ্থীৰ প্ৰস্তুতিত বিশেষ প্ৰভাৱ পেলাব। কিয়নো যি সকল শিক্ষাৰ্থীৰ ব্ৰড বেণ্ড সেৱাৰ নিজস্ব সেৱা নাই তেনে পৰীক্ষাৰ্থীৰ সংখ্যাই এই ক্ষেত্ৰত সৰহ আৰু চৰকাৰৰ ইন্টাৰনেট সেৱা বন্ধৰ সিদ্ধান্তই এওঁলোকক বাৰুকৈয়ে ক্ষতিগ্ৰস্ত কৰিব।

এনে গুৰুতৰ বিষয়ৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে পিছে বৰ্তমানলৈ কোনো বিকল্প ব্যৱস্থাৰ চিন্তা কৰা পৰিলক্ষিত হোৱা নাই যাক লৈয়ে সম্প্ৰতি এই পৰীক্ষাৰ্থী সকলৰ মাজত হতাশা সৃষ্টি হোৱাৰ লগতে অভিভাৱক সকলৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। সকলোৱে তৃতীয়-চতুৰ্থ বৰ্গৰ চাকৰিৰ বাবে অনুষ্ঠিত হ'ব লগা পৰীক্ষাত ইন্টাৰনেট সেৱা বাতিল কৰাৰ যি সিদ্ধান্ত লৈছে সেয়া অপ্ৰয়োজনীয়া বুলিও সচেতন মহলে মন্তব্য কৰিছে লগতে এনে সিদ্ধান্ত বাতিল কৰাৰ দাবী জনাইছে।

আৰু পঢ়ক: বন্দুক দেখুৱাই হোটেলৰ কৰ্মচাৰীক মাৰপিট জিম প্ৰশিক্ষকৰ

assam exam