/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-01/db7e8cbc-94a0-453e-8f85-e4bdc040d02b/protest1.jpg)
ৰাইজৰ প্ৰতিবাদ
ডিজিটেল সংবাদ, জামুগুৰিহাটঃ বি টি আৰ সম্প্ৰসাৰণক লৈ এফালে উৎফুল্লিত বড়ো ৰাইজ । আনফালে ক্ষুন্ন হৈ পৰিছে অবড়ো সমাজ । শোণিতপুৰৰ চাৰিদুৱাৰত শুকুৰবাৰে চাৰিদুৱাৰ কেন্দ্ৰীয় খেলপথাৰত এনেদৰে একত্ৰিত হয় অবড়ো সমাজ ।
বি টি আৰত চাৰিদুৱাৰৰ কেইবাখনো গাওঁ অন্তৰ্ভুক্ত হোৱাৰ পাছত একাংশ ক্ষুদ্ধ ৰাইজে চৰকাৰৰ আৰু বিজেপিৰ বিৰুদ্ধে সৰৱ হৌ উঠে। হিমন্ত বিশ্ব শৰ্মা লেই লেই চেই চেই ধ্বনিৰে মুখৰিত চাৰিদুৱাৰৰ আকাশ বতাহ কপাই তুলিছে পুৰুষ মহিলাই। তাৰ পাছতে ঘাইপথ অৱৰোধ কৰে প্ৰতিবাদকাৰীসকলে।
ঘটনাস্থলীত উপস্থিত হৈ চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাই প্ৰতিবাদকাৰী জনতাক আশ্বাস প্ৰদান কৰে। প্ৰতিবাদকাৰীসকলক তেওঁ কয় "চাৰিদুৱাৰত গাঁও কোনো কাৰণত বি টি আৰত অন্তৰ্ভুক্ত হ'বলৈ নিদিও। কিছু আন্দোলনকাৰীয়ে শোনিতপুৰখনক বি টি আৰত অন্তৰ্ভুক্ত কৰিবলৈ বিচাৰিলেই দিয়া ন'হব এই স্থিতি আগতে আছিল আছে আৰু থাকিব।" এই বুলি ৰাইজক আশ্বাস প্ৰদান কৰি কয় যে এই বিষয়টো সন্দৰ্ভত বিধায়কগৰাকীয়ে ওপৰ মহলাৰ লগত ইতিমধ্যে কথা পতা বুলি আশ্বাস দিয়াত ক্ষুদ্ধ ৰাইজে পথ অৱৰোধ কাৰ্য্যসূচী সমাপ্ত কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-01/66ab74c2-4ccc-4c3d-bb11-e156cb5f2dba/b3b904bc_8078_4f14_8592_9ccfa893ae38.jpg)
আৰু পঢ়কঃ ৰাষ্ট্ৰীয় পতাকাৰ প্ৰতি অসন্মান : প্ৰধান শিক্ষকলৈ কাৰণ দৰ্শোৱাৰ জাননী