মৰিয়নিৰ চেলেংহাট গ্ৰেটাৰ পানী যোগান প্ৰকল্পৰ সন্মুখত ৰাইজৰ উত্তাল প্ৰতিবাদ...

মৰিয়নিৰ চেলেংহাট গ্ৰেটাৰ পানী যোগান প্ৰকল্পৰ সন্মুখত ৰাইজৰ উত্তাল প্ৰতিবাদ...

author-image
Asomiya Pratidin
New Update
মৰিয়নিৰ চেলেংহাট গ্ৰেটাৰ পানী যোগান প্ৰকল্পৰ সন্মুখত ৰাইজৰ উত্তাল প্ৰতিবাদ...

ডিজিটেল সংবাদ, মৰিয়নিঃ মৰিয়নিৰ চেলেংহাটৰ কোটি টকীয়া পানী যোগান প্ৰকল্পৰ সন্মুখত কলহ,বাল্টিং লৈ ৰাইজৰ উত্তাল প্ৰতিবাদ।এটুপি বিশুদ্ধ খোৱা পানীৰ বাবে ৰাইজৰ মাজত সৃষ্টি হৈছে হাহাকাৰ।আনহাতে দহ বছৰে সম্পূৰ্ণ নহ’ল চেলেংহাট গ্ৰেটাৰ পানী যোগান প্ৰকল্প।প্ৰায় ৫০ কোটি টকীয়া প্ৰকল্পটোৰ নিৰ্মানৰ নামত বৃহৎ কেলেংকাৰীৰ অভিযোগ উত্থাপন হৈছে।

উল্লেখ্যে যে মৰিয়নি সমষ্টিৰ ছখন গাঁও পঞ্চায়ত আৰু তেত্ৰিছ খন গাঁওৰ ৰাইজক এটুপি বিশুদ্ধ খোৱা পানীৰ যোগানৰ লক্ষ্যৰে ২০১৩ বৰ্ষত আধাৰশিলা স্থাপন কৰিছিল গ্ৰেটাৰ চেলেং হাট পানী যোগান প্ৰকল্পটো। কিন্ত এই বৃহৎ প্ৰকল্পটো স্থাপন কৰা দহ বছৰ উকলি যোৱাৰ পাছতো আজি পৰ্যন্ত ৰাইজে লাভ নকৰিলে এটোপালো পানী।যাৰ ফলত প্ৰতিবাদমুখৰ হৈ পৰিছে স্থানীয় ৰাইজ।

প্ৰায় পঞ্চাশ কোটি টকাৰ ব্যয় সাপক্ষে নিৰ্মান কৰা এই পানী যোগান আঁচনি বগা হাতীত পৰিণত হৈছে। আটছাৰ চেলেং উপ শাখাৰ উদ্যোগত স্থানীয় মহিলা সকলে পুৱাই কলহ বাল্টিঙ লৈ চেলেংহাট গ্ৰেটাৰ পানী যোগান প্ৰকল্পৰ সন্মুখতে প্ৰতিবাদ সাব্যস্ত কৰে।প্ৰতিবাদকাৰী ৰাইজে পানী নিদিলে লোক সভা নিৰ্বাচনৰ ভোট বৰ্জনৰো হুংকাৰ প্ৰদান কৰে ।

মৰিয়নি