/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/05/amit.png)
ডিজিটেল ডেস্ক: দুদিনীয়া ভ্ৰমণসূচীৰে অসমত উপস্থিত হৈছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। মানকাচৰৰ এক অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ পাছত তামুলপুৰৰ এক বিশাল জনসভাত অংশগ্ৰহণ কৰে শ্বাহে।
তেওঁ কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত আৰু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰয়াসৰ ফলত অসমৰ প্ৰতিটো উগ্ৰপন্থী গোটৰ লগত আলোচনা কৰি শান্তি স্থাপন কৰা হৈছে।
তেওঁ কয় যে "৭বছৰ পূৰ্বে মই অসমলৈ আহিছিলো আৰু তেতিয়া ইয়াৰ যুৱক সকলে হাতত অস্ত্ৰ-শস্ত্ৰ লৈ সংঘৰ্ষ কৰি আছিল। তেতিয়া ইয়াত হিংসাৰ ৰাজনীতি চলি আছিল। বহু যুৱকৰ হত্যা হৈছিল। তাৰপাছতেই আমি প্ৰতিশ্ৰুতি কৰিছিলো যে সন্ত্ৰাবাদক অসমৰ বাহিৰ কৰি দিয়া হ'ব। আৰু ৭ বছৰ পাছত মই ইয়ালৈ আহিছো। এতিয়া অসমত শান্তি স্থাপন হৈছে"।
শ্বাহে কয় যে "কেৱল অসমৰ ভিতৰতে প্ৰায় ৯ হাজাৰ যুৱকে মূলসূতিলৈ ঘূৰি অহাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ইয়াৰ সবাতোকৈ ডাঙৰ উদাহৰণ বড়োলেণ্ড। এতিয়া বড়োলেণ্ড গুলী, বাৰুদ, বোমৰ, হিংসাৰ পৰা মুক্তি হৈছে। ভাৰত আৰু অসম চৰকাৰে ৯০ শতাংশ প্ৰতিশ্ৰুতিয়ে পূৰণ কৰিছে"।