মন্ত্ৰী অতুল বৰাৰ সমষ্টিত বিধস্ত পথে জলাকলা খুৱাইছে স্থানীয় জনসাধাৰণক

কানসাৰ নাই মন্ত্ৰী অতুল বৰাৰ

author-image
Asomiya Pratidin
New Update
মন্ত্ৰী অতুল বৰাৰ সমষ্টিত বিধস্ত পথে জলাকলা খুৱাইছে স্থানীয় জনসাধাৰণক

ডিজিটেল সংবাদ, বোকাখাত : কেবিনেট মন্ত্ৰী অতুল বৰাই প্ৰতিনিধিত্ব কৰা বোকাখাত বিধানসভা সমষ্টিৰ দিচৈ গাঁও পঞ্চায়তৰ অন্তৰ্গত এইটো এটা গুৰুত্বপূৰ্ণ পথ।নিকৰি বৰতলৰ পৰা দিচৈ পঞ্চায়ত সংযোগী কেইবা কিলোমিটাৰ জোৰা এই পথটোৰ বিধস্ত অৱস্থাই বহু বছৰ ধৰি যাতায়তৰ ক্ষেত্ৰত যমৰ যন্ত্ৰণা ভোগাই আহিছে স্থানীয় ৰাইজক।

Advertisment

উল্লেখ্য যে উক্ত পথটোৱে সংযোগ কৰিছে ১২ খনতকৈয়ো অধিক গাঁৱক।লগতে প্ৰতি খন গাঁৱতে একোখনকৈ চৰকাৰী বিদ্যালয় থকা অঞ্চলটোৰ একমাত্ৰ বিধস্ত পথটোৰেই যাতায়ত কৰিব লগা হয় স্কুল কলেজৰ ছাত্ৰ-ছাত্ৰী, ৰোগী-প্ৰসূতি লগতে সৰ্বসাধাৰণ ৰাইজে।

বিধস্ত পথটো মেৰামতিৰ বাবে গাওঁ বাসীয়ে বহু বাৰ আবেদন নিবেদন কৰি আহিছে যদিও কাণসাৰ নাই কাৰ্যকালৰ ৭ টাকৈ বছৰ অতিক্ৰম কৰা স্থানীয় জনপ্ৰতিনিধি তথা কেবিনেট মন্ত্ৰী অতুল বৰাৰ। যাৰ বাবে মন্ত্ৰী অতুল বৰাৰ ভূমিকাত তীব্ৰ ক্ষোভ স্থানীয় জনসাধাৰণৰ।

উল্লেখযোগ্য যে, গেলাবিল, ধনশিৰি আৰু বহ্মপুত্ৰৰ পানীয়ে প্ৰায় প্ৰতিবছৰেই বিধস্ত কৰা অঞ্চলটোৰ উক্ত পথটো প্ৰাক্তন বিধায়ক জীতেন গগৈৰ কাৰ্যকালতেই নিৰ্মাণ কৰা হৈছিল। ইতিমধ্যে কেইবাৰো অহা বানপানীয়ে বিধস্ত কৰা উক্ত পথটোৰে এতিয়া যাতায়ত কৰাতো এক প্ৰকাৰ হৈ পৰিছে দুৰ্বিসহ। শীঘ্ৰেই পথটোৰ পুনৰ মেৰামতিৰ বাবে চৰকাৰলৈ দাবী জনাইছে স্থানীয় জনসাধাৰণে।

bokakhat