ৰে’লত সুৰক্ষিত নহয় যাত্রীঃ লামডিং জংচনত অচেতন অৱস্থাত তিনি যুৱক উদ্ধাৰ…

ৰে’লত সুৰক্ষিত নহয় যাত্রীঃ লামডিং জংচনত অচেতন অৱস্থাত তিনি যুৱক উদ্ধাৰ…

author-image
asomiyapratidin
New Update
ৰে’লত সুৰক্ষিত নহয় যাত্রীঃ লামডিং জংচনত অচেতন অৱস্থাত তিনি যুৱক উদ্ধাৰ…

ডিজিটেল সংবাদ লামডিঙঃ ৰে'ল বিভাগে আজাদি কা অমৃত মহোৎসৱ পালন কৰাত ব্যস্ত হোৱাৰ সময়তে ৰে'ল যাত্ৰী সুৰক্ষিত নোহোৱা বুলি অভিযোগ উঠিছে। উত্তৰ-পূৱ সীমান্ত ৰে'লৱেৰ বিভিন্ন ৰে'লৰে যাতায়ত কৰা যাত্ৰী সকলে নিৰাপত্তাৰ দিশটোকলৈ শংকিত হৈ পৰিছে। ৰে'লত যাত্ৰীৰ সামগ্ৰী চুৰি হোৱা, ৰেল যাত্ৰী দুৰ্বৃত্তৰ কবলত পৰা, ড্ৰাগছ তথা নিচাযুক্ত সামগ্ৰী সৰবৰাহকাৰী দপদপনি আদিয়ে ৰে'ল যাত্ৰীৰ সুৰক্ষা যে নাই এই কথাকে প্ৰমাণিত কৰিছে।

Advertisment

অভিযোগ মতে ৰে'লত দুৰ্বৃত্তই ৰে'ল যাত্রীক নিচা জাতীয় দ্ৰব্য খুবাই অচতেন কৰি সামগ্ৰী লুট কৰা ঘটনা ক্ৰমাগতভাবে বৃদ্ধি পাইছে। এনে এক ঘটনা পুনৰ সংঘটিত হৈছে লামডিঙত। আজি লামডিঙ ৰে'লৱে জংচনত ৰে'লৰ পৰা অচেতন অৱস্থাত তিনিজন যুৱক উদ্ধাৰ হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰে ।

গুৱাহাটী -শিলচৰ অভিমুখী ১৫৬১৫ নম্বৰ যাত্ৰীবাহী ৰে'লৰ পৰা আজি দিনৰ ভাগত যুৱক তিনিজনক ৰে'ল আৰক্ষীয়ে উদ্ধাৰ কৰে । টিকট পৰিদৰ্শকে সাধাৰন দবাত যুৱক তিনিজনক অচেতন অৱস্থাত প্ৰত্যক্ষ কৰি লামডিং ৰে'লৱে আৰক্ষীক খবৰ দিয়ে।

পিছত লামডিং জি আৰ পিয়ে যুৱক তিনিজনক উদ্ধাৰ কৰি লামডিং ৰে'লৱে হাস্পতালত চিকিৎসাৰ বাবে ভৰ্তি কৰায়। বৰ্তমান যুৱক তিনিজন লামডিং ৰে'লৱে চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। উদ্ধাৰ হোৱা যুৱক তিনিজন কৰিমগঞ্জৰ ৰাতাবাৰীৰ মহম্মদ আইনুল হক(২০) জাচিম উদ্দিন তালুকদাৰ(২০) আৰু অংমুনিব(৩০)।

কোনো দুষ্ট চক্ৰF গুৱাহাটী পৰা যাত্ৰা কৰাৰ সময়ত খাদ্যৰ লগত নিচা জাতীয় দ্ৰব্য মিহলাই দি তেওঁলোকক অচেতন কৰাৰ সন্দেহ কৰিছে ৰে'ল আৰক্ষীয়ে। বৰ্তমান ৰে'ল আৰক্ষীয়ে এই সংক্ৰান্তত তদন্ত অব্যাহত ৰাখিছে।ৰে'ল আৰক্ষীয়ে বৰ্তমান লৈকে দুৰ্বৃত্তৰ দলটোক আটক কৰিব পৰা নাই।