/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/94122f04-d416-4428-a1de-6a99ed556c99/a.jpg)
ডিজিটেল সংবাদ,হাজোঃ কামৰূপৰ দুদলাং ৰাজহুৱা নামঘৰ প্ৰাংগণত পশ্চিম বড়িগোগ আঞ্চলিক দামোদৰদেৱ নাগাৰা নাম সংঘৰ প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয়। অসম ঔদ্যোগিক উন্নয়ন নিগমৰ উপাধ্যায় নবদ্বীপ কলিতাই আনুষ্ঠানিক ভাবে প্ৰতিষ্ঠা দিৱসৰ উদ্বোধন কৰে। নাগাৰা নাম সংঘৰ সভাপতি ৰামচৰণ ভৰালী আৰু সম্পাদক নিপন দত্তই মুখ্য অতিথি হিচাপে উপস্থিত থাকে। এই অনুষ্ঠানত শতাধিক পুৰুষ মহিলা পাঠকে একেলগে নাম পৰিবেশন কৰে।