বন্দনাৰ নৃশংস কাণ্ড! সন্ধান ওলাল নিৰুদ্দেশ হৈ থকা ভাড়াতীয়া ছাত্ৰৰ...

ৰাজ্য জোকাৰি যোৱা অমৰজ্যোতি দে- শংকৰী দে হত্যাকাণ্ড সন্দৰ্ভত নিতৌ ওলাইছে ন ন তথ্য। আৰক্ষীৰ এই হত্যাকাণ্ড সন্দৰ্ভত তদন্ত অব্য়াহত আছে।
বন্দনাৰ নৃশংস কাণ্ড! সন্ধান ওলাল নিৰুদ্দেশ হৈ থকা ভাড়াতীয়া ছাত্ৰৰ...

ডিজিটেল ডেস্ক: ৰাজ্য জোকাৰি যোৱা অমৰজ্যোতি দে- শংকৰী দে হত্যাকাণ্ড সন্দৰ্ভত নিতৌ ওলাইছে ন ন তথ্য। আৰক্ষীৰ এই হত্যাকাণ্ড সন্দৰ্ভত তদন্ত অব্য়াহত আছে। বুধবাৰে অমৰজ্যেতি দে বাস কৰা অমৰাৱতী এপাৰ্টমেন্টত আৰক্ষীৰ লগতে ফৰনেচিক দলে অভিযান চলাইছিল।

অভিযানত পোহৰলৈ আহিছিল যে ১৮ ফেব্ৰুৱাৰীৰ পৰা নিৰুদ্দেশ হৈ আছে। লগে লগে ছাত্ৰজনক বিচাৰি আৰক্ষীয়ে অভিযান আৰম্ভ কৰিছিল।

তাৰ পাছতেই বৃহস্পতিবাৰে সন্ধান ওলাল নিৰুদ্দেশ হৈ থকা ছাত্ৰ গৰাকীৰ।যুৱকজনৰ নাম শ্বাহজাহান ছিকদাৰ। অসম ডাউন টাউন বিশ্ববিদ্যালয়ৰ ছাত্ৰ শ্বাহজাহান। নিৰুদ্দেশ নহয়, পৰীক্ষা শেষ হোৱাৰ বাবেহে কোকৰাঝাৰৰ নিজৰ ঘৰলৈ গৈছিল ছাত্ৰ জন। আজি নিজেই গুৱাহাটীত আহি উপস্থিত হয় ছাত্ৰ জন।

উল্লেখ্য যে, ৰাজ্য জোকাৰি যোৱা অমৰজ্যোতি দে- শংকৰী দে হত্যাকাণ্ড। এই হত্যাকাণ্ডৰ অভিযোগত গ্ৰেপ্তাৰ হৈছে অমৰজ্যোতিৰ পত্নী বন্দনা কলিতা আৰু তেওঁৰ দুই সহযোগী ধনটি ডেকা আৰু অৰূপ ডেকা।

বন্দনাৰ নৃশংস কাণ্ড! সন্ধান ওলাল নিৰুদ্দেশ হৈ থকা ভাড়াতীয়া ছাত্ৰৰ...
মঙলদৈত মছজিদ নিৰ্মাণৰ বাবে কোটি টকীয়া ভূমি দান হিন্দু পৰিয়ালৰ

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in