"পৰীক্ষা পে চৰ্চা" কাৰ্যসূচীত ভাগ ল'লে ৰঙিয়া কেন্দ্ৰীয় বিদ্যালয়ে

আজি ২৯ জানুৱাৰী সোমবাৰে পুৱা ১০.৩০ বজাত আৰম্ভ হোৱা দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ 'পৰীক্ষা পে চৰ্চা' কাৰ্যসূচীত ৰঙিয়া কেন্দ্ৰীয় বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰীৰ লগতে স্কীল ইণ্ডিয়াৰ ৩২ গৰাকী শিক্ষাৰ্থীয়ে ভাগ লয় ।

author-image
Asomiya Pratidin
New Update
"পৰীক্ষা পে চৰ্চা" কাৰ্যসূচীত ভাগ ল'লে ৰঙিয়া কেন্দ্ৰীয় বিদ্যালয়ে

ডিজিটেল সংবাদ, ৰঙিয়াঃ আজি ২৯ জানুৱাৰী সোমবাৰে পুৱা ১০.৩০ বজাত আৰম্ভ হোৱা দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ 'পৰীক্ষা পে চৰ্চা' কাৰ্যসূচীত ৰঙিয়া কেন্দ্ৰীয় বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰীৰ লগতে স্কীল ইণ্ডিয়াৰ ৩২ গৰাকী শিক্ষাৰ্থীয়ে ভাগ লয় ।

Advertisment

উল্লেখ্য যে- প্ৰধানমন্ত্ৰীৰ পৰীক্ষা পে চৰ্চা কাৰ্যসূচীৰ বাবে আগ্ৰহেৰে বাট চাই থকা ছাত্ৰ- ছাত্ৰীসকলে এই কাৰ্যসূচীত ভাগ লৈ প্ৰধানমন্ত্ৰীৰ পৰা জীৱন আৰু পৰীক্ষা সম্বন্ধীয় জটিলতা তথা সমস্যাৰ ব্যৱহাৰিক সমাধান সম্পৰ্কে অৱগত হৈ আত্মবিশ্মাসী হৈ পৰে । ৰঙিয়া কেন্দ্ৰীয় বিদ্যালয়ে প্ৰধানমন্ত্ৰীৰ পৰীক্ষা পে চৰ্চা কাৰ্যসূচী সফলতাৰে ৰূপায়ণ কৰাত ছাত্ৰ-ছাত্ৰীসকলে অধ্যক্ষ ছেচানুজ সৰকাৰক ধন্যবাদ জনায় ।

Also Read: তিনিচুকীয়া মহাবিদ্যালয়ৰ উচ্চবৰ্গ সহায়ক সুশীল খনিকৰৰ মৃত্যু

narendramodi pariksha pe charcha rangia central school