বাক আৰু শ্ৰৱণ শক্তিহীন এগৰাকী ছাত্ৰী, মেট্ৰিকত সুখ্যাতিৰে উত্তীৰ্ণ হ’ল পৰি বেগম…

বাক আৰু শ্ৰৱণ শক্তিহীন এগৰাকী ছাত্ৰী, মেট্ৰিকত সুখ্যাতিৰে উত্তীৰ্ণ হ’ল পৰি বেগম…

author-image
asomiyapratidin
New Update
বাক  আৰু শ্ৰৱণ শক্তিহীন এগৰাকী ছাত্ৰী, মেট্ৰিকত সুখ্যাতিৰে উত্তীৰ্ণ হ’ল পৰি বেগম…

 ডিজিটেলসংবাদ,কলিয়াবৰঃ মঙলবাৰে ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হয় কলিয়াবৰৰ কুঁৱৰীটোল চাৰিআলিৰ আজাৰুদ্দিন আহমেদ আৰু মৰমী বেগমৰ ডাঙৰ জীয়ৰী কন্যা পৰি বেগমে।

আশ্বৰ্যকৰ কথাটো হ'ল যে, পৰি বেগম জন্মৰে পৰা বাক আৰু শ্ৰৱণ শক্তিহীন এগৰাকী ছাত্ৰী। বিশেষভাৱে সক্ষম ছাত্ৰ-ছাত্ৰীয়ে শিক্ষা গ্ৰহণ কৰা শিক্ষানুষ্ঠানৰ পৰিৱৰ্তে সাধাৰণ বিদ্যালয়ত শিক্ষা গ্ৰহণ কৰি পৰি বেগম উত্তীৰ্ণ হ'ল হাইস্কুল শিক্ষান্ত পৰীক্ষাত।কুঁৱৰীটোল উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা ২৩৬ নম্বৰ লাভ কৰি তৃতীয় বিভাগত উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে পৰি বেগম।

উল্লেখ্য যে¸ দিন হাজিৰা কৰি পিতৃয়ে অতি কষ্টৰ মাজৰে সন্তানক শিক্ষিত কৰিব পৰা যুঁজখনত সন্তানৰ এই সফলতাত এতিয়া অতন্ত্য সুখী পৰিয়ালটো। উত্তীৰ্ণ ছাত্ৰী পৰি বেগমৰ ভনীয়েকো বিশেষ ভাৱে এগৰাকী সক্ষম ছাত্ৰী।

 ছাত্ৰী গৰাকীৰ এই সাফল্যত আনন্দিত কুঁৱৰীটোল উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীৰ লগতে সমগ্ৰ কলিয়াবৰবাসী।

আৰু পঢ়ক: কাৰ্বি স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচন: কোন সমষ্টিত কিমান ভোটাৰে ভাগ্য নিৰ্ণয় কৰিব ১২৬ গৰাকী প্ৰাৰ্থীৰ

assam kaliabor hslc