'ভিক্টৰ দাস এজন সফল শিক্ষক', শীঘ্ৰেই ভিক্টৰক মুকলিৰ দাবী অভিভাৱকৰ...

ভিক্টৰ দাস পেচাত এজন টেট শিক্ষক, আইনী মেৰপেচৰ পৰা শীঘ্ৰে ভিক্টৰ দাসক মুকলিৰ দাবী তুলিছে বিদ্যালয়ৰ অভিভাৱকসকলে

author-image
Asomiya Pratidin
New Update
'ভিক্টৰ দাস এজন সফল শিক্ষক', শীঘ্ৰেই ভিক্টৰক মুকলিৰ দাবী অভিভাৱকৰ...

ডিজিটেল ডেস্ক : নিযুক্তি কেলেংকাৰিৰ অভিযোগ তুলি গ্ৰেপ্তাৰ হোৱা ভিক্টৰ দাস পেচাত এজন টেট শিক্ষক। কামৰূপৰ পূব পানীটেমা ৰাধাকৃষ্ণ যুগল মিলন প্ৰাথমিক বিদ্যালয়ত ২০২১ চনত নিযুক্তি লাভ কৰিছিল ভিক্টৰ দাসে।

Advertisment

বিদ্যালয়ৰ অভিভাৱকৰ দাবী অতি সোনকালে ভিক্টৰ দাসক মুকলি কৰি দিব লাগে। ভিক্টৰ দাস এজন সফল শিক্ষক বুলি অভিহিত কৰে অভিভাৱকসকলে। বিভিন্ন নতুন নতুন পদ্ধতিৰে শিক্ষাদান কৰিছিল ভিক্টৰ দাসে।

আইনী মেৰপেচৰ পৰা শীঘ্ৰে ভিক্টৰ দাসক মুকলিৰ দাবী তুলিছে বিদ্যালয়ৰ অভিভাৱকসকলে। টেট শিক্ষক ভিক্টৰ দাসে কেনেকৈ চলাইছিল তেওঁৰ ক’চিং চেণ্টাৰ। এই সন্দৰ্ভত অনুসন্ধান চলাব আৰক্ষীয়ে।

assam assam govt victor das Assam police