/asomiyapratidin/media/media_files/2025/04/07/ioOOxuuHYSJhDn5YOoyh.jpg)
ডিজিটেল সংবাদ,পৰ্বতঝোৰাঃ পৰ্বতঝোৰাত ৰঙালী বিহুৰ সমান্তৰালকৈ বড়ো জনগোষ্ঠীৰ ৰংজালী বৈশাগুক আদৰাৰ ব্যাপক প্ৰস্তুতি। ৰাজ্যজুৰি হেপাঁহৰ ৰঙালী বিহুটিক আদৰিবলৈ আৰম্ভ হৈছে ব্যাপক উছাহ-উদ্দীপনা।
বড়ো জনগোষ্ঠীৰ মাজতো ৰংজালী বৈশাগুক আদৰাৰ বাবে আখৰাত ব্যস্ত পৰ্বতঝোৰাৰ টিপকাই বড়ো জনগোষ্ঠীয় যুৱক যুৱতী সকল। খাম,চিফুং চেৰজাৰ শব্দত মুখৰিত হৈছে সমগ্ৰ অঞ্চল।
ৰাজ্যৰ প্ৰতিটো জনগোষ্ঠীৰ লগতে বড়ো জনগোষ্ঠীয় লোক সকলে ৰঙালীক ৰংজালি বৈশাগু হিচাপে উদযাপন কৰি আহিছে।এবছুৰ টিপকাই আঞ্চলিক সমিতিৰ উদ্যোগত পৰ্বতঝোৰা টিপকাইত ১০দিনীয়াকৈ বাগুৰুম্বাৰ লগতে বিভিন্ন বড়ো নৃত্য প্ৰশিক্ষণ দিয়া হৈছে।