/asomiyapratidin/media/media_files/2025/06/11/Slpb35noXu6FgCuBl6tC.jpg)
ডিজিটেল সংবাদ,পৰ্বতঝোৰাঃ অসম চৰকাৰ আৰু বিটিআৰ পৰিষদীয় চৰকাৰে তাপ বিদ্যুৎ প্ৰকল্প নিৰ্মাণৰ বাবে পৰ্বতঝোৰাৰ বাসবাৰীত ৩ হাজাৰ বিঘা ভূমি অবন্টন দিয়াৰ পৰাই স্থানীয় ভূমি পুত্ৰ বড়ো জনগোষ্ঠীয় ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰি আছে।
প্ৰতিবাদৰ মাজতে আজি কোকৰাঝাৰ জিলা প্ৰশাসনে উক্ত ভূমিৰ সীমা নিৰ্ধাৰণ কৰাৰ বাবে যো-জা কৰাৰ লগে লগে ৰাইজে বাধা প্ৰদান কৰি পৰিবেশ উত্তপ্ত কৰি তোলে। ইয়াৰোপৰি স্থানীয় ৰাইজে বিটিআৰ প্ৰধান প্রমোদ বড়ো আৰু বিজেপি জ্যেষ্ঠ নেতা তথা প্ৰাক্তন বিধায়ক বনেন্দ্ৰ কুমাৰ মোছাহাৰী বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰে।