পিতৃ হাৰা হ’ল বিধায়ক নৱ দলে , প্ৰবীণ ৰাজনীতিক পৰমানন্দ দলেৰ বিয়োগ

পিতৃ হাৰা হ’ল বিধায়ক নৱ দলে , প্ৰবীণ ৰাজনীতিক পৰমানন্দ দলেৰ বিয়োগ

author-image
asomiyapratidin
New Update
পিতৃ হাৰা হ’ল বিধায়ক নৱ দলে ,  প্ৰবীণ ৰাজনীতিক পৰমানন্দ দলেৰ বিয়োগ

ডিজিটেল সংবাদ ,ঢকুৱাখনা : ঢকুৱাখনা ৰাজনৈতিক ,সামাজিক ক্ষেত্ৰখনৰ এক নামজ্বলা ব্যক্তিত্ব ,১১২নং ঢকুৱাখনা বিধানসভা সমষ্টিৰ বিধায়ক নৱ কুমাৰ দলেৰ পিতৃ  পৰমানন্দ দলে আৰু নাই ।  বহুদিন ধৰি  ৰোগাক্ৰান্ত হৈ গুৱাহাটীৰ স্ব গৃহত শৰ্য্যাগত হৈ থকা  হাস্যমুখী প্ৰবীণ ৰাজনীতিবিদ তথা  বিশিষ্ট নাগৰিক দলেয়ে  শনিবাৰে শ্বাস প্ৰশ্বাসত অসুবিধা অনুভৱ কৰাত গুৱাহাটীৰ হেঙেৰাবাৰীস্থিত নিজা বাসভৱনৰ পৰা দিছপুৰ পলিক্লিনিকত ভৰ্তি কৰা হৈছিল ।

Advertisment

নিশাটো আই চি ইউত চিকিৎসা অব্যাহত ৰখাৰ সময়তে দেওবাৰে পুৱা স্বাস্থ্যৰ দ্ৰুত অৱনতি ঘটে আৰু চিকিৎসাধীন অৱস্থাতে দেওবাৰে দুপৰীয়া প্ৰায় ১-৩৫ বজাত শেষ নিশ্বাস ত্যাগ কৰে  দলেই ।  ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ এগৰাকী একনিষ্ঠ কৰ্মী হিচাবে ৰাজনৈতিক জীৱনৰ পাতনি মেলা  থুলন্তৰ অবয়বৰ নিৰহংকাৰী ব্যক্তি পৰমানন্দ দলেয়ে পৰৱৰ্তী সময়ত ঢকুৱাখনা ব্লক কংগ্ৰেছৰ সভাপতি হিচাবে সবল সাংগঠনিক নেতৃত্ব প্ৰদান কৰি গৈছিল ।

ঢকুৱাখনা ব্লক কংগ্ৰেছৰ পৰা অসম প্ৰদেশ কংগ্ৰেছ সমিতিৰ সদস্য হিচাবেও মনোনীত হৈ নিষ্ঠাবান ৰাজনৈতিক সেৱা আগবঢ়াই যোৱা দলেয়ে ২০০১চনৰ পৰা ২০০৫ চন পৰ্যন্ত প্ৰয়াত গুমেশ্বৰ পেগু নেতৃত্বাধীন মিচিং স্বায়ত্ব শাসিত পৰিষদৰ উপ মুখ্য কাৰ্যবাহী সদস্য  হিচাবে সফল কাৰ্যনিৰ্বাহ কৰি গৈছিল । ইয়াৰ পৰৱৰ্তী সময়ত দলেয়ে আঞ্চলিক দল অসম গণ পৰিষদ দলত যোগদান কৰে ২০১১ চনত ।

এই সময়ছোৱাত দলেয়ে ঢকুৱাখনা জিলা অসম গণ পৰিষদৰ সভাপতি হিচাবেও সেৱা আগবঢ়াই গৈছিল । পাছত দলেয়ে ২০১৫ চনত ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰে । বিজেপি দলত যোগদান কৰি  ২০১৬ চনত দলটোৰ ৰাজ্যিক পৰিষদৰ সদস্য, ৰাজ্যিক কাৰ্যনিৰ্বাহক হিচাবে আমৃত্যু নিষ্ঠাবান সেৱা আগবঢ়াই গৈছে। এগৰাকী আমোদ প্রিয়  সমাজ হিতৈষী হিচাবে জনপ্ৰিয় পৰমানন্দ দলেয়ে ১৯৯১ চনত ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ পৰা আৰু ১৯৯৬ চনত নিৰ্দলীয় ভাবে ১১২ নং ঢকুৱাখনা বিধানসভা সমষ্টিৰ পৰা সাধাৰণ নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰি পৰাজয় বৰণ কৰিছিল ।

১৯৪৮ চনত ঢকুৱাখনাৰ মাতমৰাত জন্ম গ্ৰহণ কৰা প্ৰয়াত  বিস্তু ৰাম দলে আৰু প্ৰয়াত গাভৰু দলেৰ জ্যেষ্ঠ পুত্ৰ পৰমানন্দ দলেয়ে অল আসাম মিৰি উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হৈ ডিব্ৰুগড়ত কলেজীয়া জীৱন আৰম্ভ কৰে । ছাত্ৰ অৱস্থাৰ পৰাই এথলেটিক্সত এজন সুদক্ষ খেলুৱৈ হিচাবে পাৰদৰ্শিতা প্ৰদৰ্শন কৰিবলৈ সক্ষম হোৱা দলেয়ে  "মৃগাং অপে" নামৰ এটা সামাজিক সাংস্কৃতিক সংগঠন জন্ম দি প্ৰতিস্থাপক সভাপতি হৈ ঢকুৱাখনাৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ স্থায়ী নিৰ্মাণ কাৰ্য সম্পন্ন কৰাৰ লগতে সুপ্ত গ্ৰাম্য প্ৰতিভা বিকাশৰ বাবে সাহিত্য আৰু সাংস্কৃতিক  প্ৰতিযোগিতা অনুষ্ঠিত কৰিছিল। 

ঢকুৱাখনা মহকুমা জ্যেষ্ঠ নাগৰিক সন্মিলনৰ আজীৱন সদস্য, প্ৰায় ৭৪ বছৰ বয়সত স্বৰ্গগামী হোৱা এইগৰাকী  অগ্ৰণী বিশিষ্ট ব্যক্তিৰ মৃত্যুৰ খবৰে শোকাচন্ন কৰি তুলিছে দলেৰ জন্মভূমি মাতমৰাৰ লগতে সমগ্ৰ ঢকুৱাখনা । ভাৰতীয় জনতা পাৰ্টিৰ ঢকুৱাখনা জিলা সমিতিৰ সভাপতি প্ৰদীপ চমুৱা , কোষাধক্ষ্য সঞ্জীৱ গগৈ ,মণ্ডল সভাপতি সুনীল দলে ,  মহিলা মৰ্চাৰ সভানেত্ৰী সংগীতা বৰবৰা , যুৱ মৰ্চাৰ সভাপতি বৃকোদৰ দাস ,  এছ চি মৰ্চাৰ সভাপতি ধীৰেন দাস , এছ টি মৰ্চাৰ সভাপতি বীৰেন পেগু, ঢকুৱাখনা পৌৰ সভাৰ পৌৰ আয়ুক্ত টিলেন দাস ,গুনলতা কুটুম , ঢকুৱাখনা মহকুমা জ্যেষ্ঠ নাগৰিক সন্মিলনৰ সভাপতি পূৰ্ণানন্দ গগৈ , সম্পাদক দ্বিগেন্দ্ৰ নাথ হাজৰিকা,
ঢকুৱাখনা জিলা ক্ৰীড়া সন্থাৰ সম্পাদক অচ্যুত চত্ৰধৰা,  মৃগাং অপে'ৰ সম্পাদক ইন্দ্ৰেশ্বৰ পেগু ,  অৱসৰ প্ৰাপ্ত জিলা সাংস্কৃতিক বিষয়া পবিত্ৰ কুমাৰ পেগু  আদিয়ে দলেৰে বিয়োগত গভীৰ শোক প্ৰকাশ কৰি বিদেহ আত্মাৰ স্বৰ্গ সুখ প্ৰাপ্তি কামনা কৰিছে আৰু শোকাহত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে ।

বিধায়ক পুত্ৰ নৱ দলে সহ চাৰি পুত্ৰ আৰু অজস্ৰ  গুণমুগ্ধক ইস সংসাৰত এৰি  দলেৰ পাৰ্থ শৰীৰ  জন্মভূমি ঢকুৱাখনালৈ আনি পৰম্পৰাগত ভাবে সৎকাৰ কৰা হব বুলি পৰিয়ালৰ সূত্ৰই জানিবলৈ দিছে  ।

আৰু পঢ়ক: টকাৰ বাবে মাৰপিট, এজনৰ মৃত্যু…

assam dhakuakhana