চিৰাঙৰ বাসুগাঁৱত নেতাজীৰ জন্ম জয়ন্তী উদযাপন

চিৰাঙৰ বাসুগাঁৱত নেতাজীৰ জন্ম জয়ন্তী উদযাপন

ডিজিটেল সংবাদ, চিৰাং : বীৰ স্বাধীনতা সংগ্ৰামী নেতাজী সুভাষ চন্দ্ৰ বসুৰ ১২৭ সংখ্যক জন্ম জয়ন্তী উপলক্ষ্যে আজি সমগ্ৰ দেশজুৰি পৰাক্ৰম দিৱস হিচাপে পালন কৰা হৈছে । চিৰাং জিলাৰ বাসুগাঁও চহৰৰ নেতাজী পাৰ্কত আজি অনুষ্টুপীয়াকৈ নেতাজী সুভাষ চন্দ্ৰ বসুৰ জন্ম জয়ন্তী পালন কৰা হয় ।

ৰাতিপুৱা জাতীয় পতাকা উত্তোলন কৰে নেতাজী পাৰ্ক পৰিচালনা সমিতিৰ সভাপতি সুভাষ লোধৰায় আৰু নেতাজী সুভাষ চন্দ্ৰ বসুৰ প্ৰতিমূৰ্তিত মাল্যৰ্পন কৰে বাসুগাঁৱৰ পৌৰপতি সাধন মণ্ডলে ।

ইপিনে নেতাজী সুভাষ বিদ্যানিকেতন উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰাঙ্গনত ছাত্ৰ ছাত্ৰী সকলৰ উপস্থিতিত নেতাজী সুভাষ চন্দ্ৰ বসুৰ স্থায়ী প্ৰতিমূৰ্তিত মাল্যৰ্পন কৰে অধ্যক্ষ কালী প্ৰসন্ন মণ্ডলে । তদুপৰি বাসুগাঁও চহৰৰ বিবেকানন্দ ক্লাৱ, সদৌ অসম বেঙ্গলী যুৱ-ছাত্ৰ ফেডাৰেচনৰ কাৰ্যালয়তো নেতাজী জন্ম জয়ন্তী পালন কৰে ।

Related Stories

No stories found.
Asomiya Pratidin
www.asomiyapratidin.in