পৰাগজ্যোতি প্ৰকাশনৰ বিশেষ পদক্ষেপ

অনুষ্ঠানটিত মিনাক্ষী সিনহা,অৰূপ কুমাৰ শৰ্মা,স্বপ্না দেৱী,এঞ্জেলিনা দাসৰ লগতে ভালেকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে

author-image
Asomiya Pratidin
New Update
পৰাগজ্যোতি প্ৰকাশনৰ বিশেষ পদক্ষেপ

ডিজিটেল ডেস্কঃ ৰঙালী বিহু উপলক্ষে পৰাগজ্যোতি প্ৰকাশনৰ বিশেষ পদক্ষেপ। বৃহস্পতিবাৰে প্ৰকাশন গোষ্ঠীটোৱে বিভিন্ন ক্ষেত্ৰৰ ১০ জন ব্যক্তিৰ ঘৰে ঘৰে গৈ ৰঙালী বিহুৰ শুভেচ্ছা জনায়। এইসকল ব্যক্তিৰ ভিতৰত সাহিত্যিক,শিক্ষাবিদ,সংগঠক আদি উল্লেখযোগ্য।

Advertisment

ত্ৰিপুৰা বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ড০ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য,নেপালী সাহিত্য সভাৰ প্ৰাক্তন সভাপতি নৱ সাপকোটা,বিষ্ণুপ্ৰিয়া মণিপুৰি সাহিত্য পৰিষদৰ সভাপতি দিলস লক্ষ্মীচন্দ্ৰ সিংহ,প্ৰবীণ সাহিত্যিক শচীন্দ্ৰ দাস,দূৰ্গাপ্ৰসাদ শৰ্মা,ড০ হৰ কুমাৰ নাথ,সমাজকৰ্মী পদ্মৰাম নাথ,প্ৰাক্তন আৰক্ষী ৰমেশ চন্দ্ৰ তালুকদাৰ,নিত্যানন্দ শৰ্মা আৰু মহেন্দ্ৰ দাসক ৰঙালী বিহু উপলক্ষে প্ৰকাশন গোষ্ঠীটোৰ তৰফৰ পৰা সম্বৰ্দ্ধনা জনোৱা হয়।

প্ৰকাশন গোষ্ঠীৰ সচিব দীপক শৰ্মাই আঁত ধৰা অনুষ্ঠানটিত মিনাক্ষী সিনহা,অৰূপ কুমাৰ শৰ্মা,স্বপ্না দেৱী,এঞ্জেলিনা দাসৰ লগতে ভালেকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

Also Read: কিশোৰীক বলাৎকাৰৰ লগতে ভ্রূণ হত্যাৰ চেষ্টা চলোৱ উদয় মেছৰ বিৰুদ্ধে শাস্তি ঘোষণা

Bohag Bihu