জুতি লাগে! ছাত্ৰ-ছাত্ৰীৰ জীৱন ধ্বংস কৰা ছাৰে নিৰামিষ নাখায়...

জুতি লাগে! ছাত্ৰ-ছাত্ৰীৰ জীৱন ধ্বংস কৰা ছাৰে নিৰামিষ নাখায়...

ডিজিটেল ডেস্ক: মেট্ৰিকৰ প্ৰশ্নকাকত ফাদিল কাণ্ডৰে জড়িত শিক্ষকৰ জেৰা অব্যাহত ৰাখিছে চিআইডিয়ে। কুমুদ ৰাজখোৱা, প্ৰসন্ন দত্ত, প্ৰণৱ দত্তৰ জেৰা অব্যাহত ৰাখি প্ৰশ্নকাকত ফাদিলৰ সম্পূর্ণ কাৰ্য পোহৰলৈ অনাত চি আই ডি চেষ্টা অব্যাহত ৰাখিছে। লাখ লাখ ছাত্র-ছাত্ৰীক মানসিক শাস্তি দিয়া দোষীৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে আৰক্ষী প্ৰশাসন কিম্বা চি আই ডি।

জেৰাত প্ৰকাশ পাইছে বহু বিস্ফোৰক তথ্য। তেওঁলোকৰ স্বীকাৰোক্তিৰ ভিত্তিতেই লখিমপুৰত গ্ৰেপ্তাৰ কৰা হ'ল আন চাৰিজন অভিযুক্তকাৰীক। ডফলাকটা উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক জগন্নাথ পেগু, পূৰণকান্ত পেগুক আটক কৰাৰ বিপৰীতে মধ্যখাৰকাটি আৰু লিগিৰামুখ উচ্চ মাধ্যমিক বিদ্যালয়ৰ যতীন দলে আৰু অনন্ত দলেক জড়িত থকাৰ অপৰাধত আটক কৰে চি আই ডিয়ে। তদুপৰি দশম শ্ৰেণীৰ এজন শিক্ষাৰ্থীকো আটক কৰিছে চি আই ডিয়ে। সমগ্র ঘটনাত বৰ্তমানলৈ ৩০ ৰো অধিক লোকক গ্ৰেপ্তাৰ কৰা হৈছে।

ইপিনে ছাত্র ছাত্রীৰ জীৱন ধ্বংস কৰা ছাৰে সতে চি আই ডি কাৰ্যালয়ত নাখায় নিৰামিষ আহাৰ। আহাৰত নেমু নহ'লে ভাত নিগিলে ছাৰ সতে। লাখ লাখ ছাত্র ছাত্রীৰ জীৱন ধ্বংস কৰা এইসেন শিক্ষাগুৰুয়ে কলঙ্কিত কৰিছে শিক্ষা বৃত্তিক।

জুতি লাগে! ছাত্ৰ-ছাত্ৰীৰ জীৱন ধ্বংস কৰা ছাৰে নিৰামিষ নাখায়...
২ বছৰৰ পূৰ্বেই ব্যক্তিগত খণ্ডলৈ অসম খাদী আৰু গ্ৰামোদ্যোগ ব'ৰ্ড...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in