মহান! বৰমাৰ বিশিষ্ট সমাজসেৱক পংকজ ৰাভাৰ দেহদান

পংকজ ৰাভাৰ দেহদান

author-image
Asomiya Pratidin
New Update
মহান! বৰমাৰ বিশিষ্ট সমাজসেৱক পংকজ ৰাভাৰ দেহদান

pankaj rabha

ডিজিটেল সংবাদ, বৰমা : গান্ধী জয়ন্তীৰ লগত সংগতি ৰাখি দেওবাৰে বাক্সা জিলাৰ বৰমা থানাৰ অন্তৰ্গত কালজাৰ কাহিবাৰীৰ নিবাসী, বিশিষ্ট সমাজসেৱক পংকজ ৰাভাই এক মহান কাম সাধন কৰে। স্বইচ্ছাৰে ইলোৰা বিজ্ঞান মঞ্চৰ জৰিয়তে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ তেওঁৰ দেহদান আৰু নেত্ৰালয়লৈ চকুদান কৰাৰ চুক্তিপত্ৰত স্বাক্ষৰ কৰে ৷

Advertisment

চুক্তি পত্ৰত স্বাক্ষৰ কৰি তেও কয় যে তেও বহুদিন আগৰে পৰা এই মহান কাম দেহদান, চকুদান কৰাৰ বাবে আগবাঢ়ি আহিছিল ৷ কিন্তু তেওঁ কোনো যোগাযোগ কৰিব পৰা নাছিল ৷

তেওঁ আজি ইলোৰা বিজ্ঞান মঞ্চৰ সহায় লৈ বাস্কা প্ৰেছ ক্লাৱত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ তেওঁৰ মৃত্যুৰ পিছত নিজৰ দেহটো দান কৰা আৰু নেত্ৰালয়লৈ তেওঁৰ চকুদুটি দান কৰাৰ চুক্তিত স্বাক্ষৰ কৰে ৷

assam baksa