এইবাৰ বহিৰাগত বণিয়াৰ হাতলৈ পাণ্ডু-ধুবুৰী জাহাজ প'ৰ্ট

বেংক-বিমান বন্দৰ-দীঘলী পুখুৰী আদিৰ পাছত এইবাৰ দুটা জাহাজ বন্দৰ গতাই দিয়া হৈছে বহিৰাগত বণিয়া।

author-image
Asomiya Pratidin
New Update
এইবাৰ বহিৰাগত বণিয়াৰ হাতলৈ পাণ্ডু-ধুবুৰী জাহাজ প'ৰ্ট

ডিজিটেল ডেস্কঃ ৰাজ্যৰ এটাৰ পাছত আন এটা সম্পদ ব্যক্তিগত খণ্ডৰ হাতলৈ। বেংক-বিমান বন্দৰ-দীঘলী পুখুৰী আদিৰ পাছত এইবাৰ ৰাজ্যৰ দুটা উল্লেখনীয় জাহাজ বন্দৰ গতাই দিয়া হৈছে বহিৰাগত বণিয়াক। তথ্য অনুসৰি মহানগৰীৰ পাণ্ডু বন্দৰ আৰু ধুবুৰীৰ বন্দৰ ইতিমধ্যেই গতাই দিয়া হৈছে মুম্বাইৰ এটা ব্যক্তিগতখণ্ডক।

Advertisment

উল্লেখ্য যে, কেন্দ্ৰীয় চৰকাৰৰ বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰালয়ৰ আভ্যন্তৰীণ জলপথ বিভাগে নিবিদা প্ৰক্ৰিয়াৰে মুম্বাইৰ "এ টু জেদ এক্সিম" নামৰ কোম্পনীটোক উক্ত বন্দৰ দুটা হস্তান্তৰ কৰিছে। এই কথা জনালে খোদ "এ টু জেদ এক্সিম"ৰ বিজনেছ হেড ছোহেল কাজানীয়ে।

তেওঁ জনোৱা অনুসৰি যোৱা ২৫ জুলাইতে কেন্দ্ৰীয় চৰকাৰৰ বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰালয়ৰ আভ্যন্তৰীণ জলপথ বিভাগে ধুবুৰী বন্দৰটো পৰিচালনাৰ বাবে তেওঁলোকৰ হাতত গতাইছে। আনহাতে ৫ ছেপ্টম্বৰৰ দিনটোত পাণ্ডু বন্দৰ পৰিচালনাৰ বাবে কোম্পনীটোক গতাই দিয়ে।

উক্ত দুয়োটা বন্দৰ অহা ৫ বছৰৰ বাবে দিয়া হৈছে কোম্পনীটোক। ইপিনে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ কাৰ্যকালতেই ৰাজ্যৰ দুটাকৈ বন্দৰ বহিৰাগত বণিয়াৰ হাতলৈ যোৱাত সৃষ্টি হৈছে প্ৰতিক্ৰিয়া।

Also Read: আজি হৰি নামৰ ধ্বনিৰে মুখৰিত হ'ব নামঘৰ-মন্দিৰ...

GOVT OF ASSAM Govt of India