আজি পঞ্চায়ত নিৰ্বাচনৰ ফলাফলঃ ভোটগণনাৰ বাবে সাজু ভোটগ্ৰহণ কেন্দ্ৰসমূহ...

সহস্ৰাধিক ভোটগণনা কেন্দ্ৰত অনুষ্ঠিত হব পঞ্চায়ত নিৰ্বাচনৰ ভোটগণনা। বেলট পেপাৰ যোগে ভোটগ্ৰহণ অনুষ্ঠিত হোৱাৰ বাবে ভোটগণনাত যথেষ্ট সময়ৰ প্ৰয়োজন হব।

author-image
Asomiya Pratidin
New Update
আজি পঞ্চায়ত নিৰ্বাচনৰ ফলাফলঃ ভোটগণনাৰ বাবে সাজু ভোটগ্ৰহণ কেন্দ্ৰসমূহ...

ডিজিটেল ডেস্কঃ আজি ঘোষণা হ'ব পঞ্চায়ত নিৰ্বাচনৰ ফলাফল। ইতিমধ্যে সাজু হৈ উঠিছে ভোটগণনা কেন্দ্ৰসমূহ।  উল্লেখ্য যে, যোৱা ২ আৰু ৭ মে’ত দুটা পৰ্যায়ত পঞ্চায়ত নিৰ্বাচনৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া সম্পন্ন হৈ যোৱাৰ পাছত ১১ মে'ত পুৱা ৮ বজৰা পৰাই ভোট গণনাৰ পৰ্ব আৰম্ভ হ'ব।

সহস্ৰাধিক ভোটগণনা কেন্দ্ৰত অনুষ্ঠিত হব পঞ্চায়ত নিৰ্বাচনৰ ভোটগণনা। বেলট পেপাৰ যোগে ভোটগ্ৰহণ অনুষ্ঠিত হোৱাৰ বাবে ভোটগণনাত যথেষ্ট সময়ৰ প্ৰয়োজন হব। ইতিমধ্যে জিলা পৰিষদৰ ২১ খন আসন দখল কৰিছে বিজেপি আৰু মিত্ৰজোটে। 

আঞ্চলিক পঞ্চায়তৰো ১৯০ জন সদস্য বিজেপি মিত্ৰজোটৰ হাতলৈ বিনা প্ৰতিদ্বন্দিতাৰে জয়ী হৈছে। প্ৰায় ডেৰ কোটি ভোটাৰে ভোটদান কৰিছিল এই পঞ্চায়ত নিৰ্বাচনত। 

যোৱা ২ মে’ত প্ৰথম পৰ্যায়ত ৰাজ্যৰ ১৪ খন জিলা ক্ৰমে তিনিচুকীয়া, ডিব্ৰুগড়, চৰাইদেউ, শিৱসাগৰ, মাজুলী, যোৰহাট, গোলাঘাট, ধেমাজি, লখিমপুৰ, শোণিতপুৰ, বিশ্বনাথ, কাছাৰ, হাইলাকান্দি আৰু শ্রীভূমিত পঞ্চায়ত নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটদান অনুষ্ঠিত হৈছিল।

১৪ খন জিলাত অনুষ্ঠিত প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত ভোটদানৰ হাৰ আছিল ৭০.১৯ শতাংশ। ইয়াৰ ভিতৰত মাজুলী জিলাত সৰ্বাধিক ৮০.০২ শতাংশ আৰু শোণিতপুৰ জিলাত সৰ্বনিম্ন ৬১ শতাংশ ভোটদান হৈছিল।

দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হোৱা ১৩ খন জিলা হৈছে ক্ৰমে ধুবুৰী, দক্ষিণ শালমাৰা, মানকাচৰ, গোৱালপাৰা, বঙাইগাঁও, বৰপেটা, বজালী, নলবাৰী, কামৰূপ, কামৰূপ মহানগৰ, হোজাই, নগাঁও, মৰিগাঁও আৰু দৰং জিলা। 
দ্বিতীয় পৰ্যায়ৰ এই নিৰ্বাচনত ৯১.৩১ লাখৰো অধিক ভোটাৰ আছিল। দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হোৱা ১৩ খন জিলাত প্ৰতিদ্বন্দিতা আগবঢ়োৱা প্ৰাৰ্থীৰ সংখ্যা হৈছে ২৯,৬০৮ গৰাকী ।

পঞ্চায়ত নিৰ্বাচন