/asomiyapratidin/media/media_files/2025/05/11/ltT0M76QUQVVhChoYfy7.jpg)
ডিজিটেল ডেস্কঃ আজি পঞ্চায়ত নিৰ্বাচনৰ ভোটগণনাৰ বাবে সম্পূৰ্ণ ৰূপে সাজু হৈছে বিশ্বনাথ জিলা প্ৰশাসন। জিলাখনৰ আয়ুক্ত মুনিন্দ্ৰ নাটে ভোটগণনাৰ বাবে তেওঁলোক সম্পূৰ্ণৰূপে সাজু হৈছে বুলি জনোৱাৰ লগতে কোনো ধৰণৰ যাতে বিসংগতি নহয় তাৰ ওপৰতো গুৰুত্ব দিছে।
উল্লেখ্য যে, বিশ্বনাথ জিলাত এইবাৰ মুঠ ভোটাৰ ৪,৭৪,৯২৭ গৰাকী। ইয়াৰে পুৰুষ ভোটাৰ
জিলাখনত মুঠ ভোটকেন্দ্ৰ আছিল ৭৪৭ টা আৰু মুঠ গাঁও পঞ্চায়তৰ সংখ্যা ৭৩ খন।
জিলাখন মুঠ ১২ খন জিলা পৰিষদৰ সদস্যৰ বাবে ২৮ জন প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দিতা কৰাৰ বিপৰীতে বিহালীৰ বুৰৈ জিলা পৰিষদখনত বিনা প্ৰতিদ্বন্দিতাৰে জয়ী হৈছে মিত্ৰজোঁটৰ প্ৰাৰ্থী।
গাওঁ পঞ্চায়তৰ ৭৩০ টা ৱাৰ্ডৰ ২৩৭ টা ৱাৰ্ডত বিনা প্ৰতিদ্বন্দিতাৰে নিৰ্বাচিত হোৱাৰ বিপৰীতে বাকী ৪৯৩ টা ৱাৰ্ডত ১৩১২ জনে প্ৰতিদ্বন্দিতা কৰিছে।