Advertisment

পঞ্চায়ত নিৰ্বাচনৰ অনুমতি বিচাৰি কৰা আবেদন অগ্ৰাহ্য উচ্চ ন্যায়ালয়ৰ

ৰাজ্যত পঞ্চায়ত নিৰ্বাচন কেন্দ্ৰিক তৎপৰতা বৃদ্ধিৰ পৰিবৰ্তে উচ্চ ন্যায়ালয়ত সৃষ্টি হৈছে জটিলতা। ৰাজ্য চৰকাৰে পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ত অনুমতি বিচাৰি আবেদন কৰিছিল যদিও ন্যায়ালয়ে সকাহ নিদিলে ৰাজ্য চৰকাৰক। 

author-image
Asomiya Pratidin
New Update
পঞ্চায়ত নিৰ্বাচনৰ অনুমতি বিচাৰি কৰা আবেদন অগ্ৰাহ্য উচ্চ ন্যায়ালয়ৰ

ডিজিটেল ডেস্কঃ ৰাজ্যত পঞ্চায়ত নিৰ্বাচন কেন্দ্ৰিক তৎপৰতা বৃদ্ধিৰ পৰিবৰ্তে উচ্চ ন্যায়ালয়ত সৃষ্টি হৈছে জটিলতা। ৰাজ্য চৰকাৰে পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ত অনুমতি বিচাৰি আবেদন কৰিছিল যদিও ন্যায়ালয়ে সকাহ নিদিলে ৰাজ্য চৰকাৰক। 

Advertisment

উল্লেখ্য যে, পঞ্চায়ত সীমা নিৰ্ধাৰণক লৈ সৃষ্টি হোৱা কিছু জটিলতাৰ বাবে গুৱাহাটী উচ্চ ন্যায়ালয়ত চলি আছে গোচৰ। এই গোচৰৰ পৰিপ্ৰেক্ষিততে পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰাত বাধা আৰোপ কৰি থৈছে ৰাজ্য চৰকাৰে।

তাৰ মাজতেই ৰাজ্যিক নিৰ্বাচন আয়োগে পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ সম্পূৰ্ণ সাজু বুলি উল্লেখ কৰি ৰাজ্যৰ মুখ্য সচিবলৈ এক পত্ৰও প্ৰেৰণ কৰিছিল। এই পত্ৰতে তেওঁ নিৰ্বাচনত কি কি নীতি নিয়ম অনুসৰণ কৰিব লাগিব সেই সন্দৰ্ভত উল্লেখ কৰা লগতে সংশ্লিষ্ট বিভাগসমূহলৈ এই সন্দৰ্ভত জাননী জাৰি কৰাৰ কথাও উল্লেখ কৰিছিল।

কিন্তু তাৰ মাজতেই গুৱাহাটী উচ্চ ন্যায়ালয়ত চলি থকা গোচৰটোৰ শুনানিত ন্যায়ালয়ে ৰাজ্য চৰকাৰক পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰাত বাধা প্ৰদান কৰি ৰাখিছে। আজিও এই গোচৰটোৰ শুনানি অনুষ্ঠিত হৈছিল।

ন্যায়ালয়ত ৰাজ্য চৰকাৰে নিৰ্বাচন অনুষ্ঠিত কৰাৰ অনুমতি বিচাৰি দাখিল কৰা আবেদন অগ্ৰাহ্য কৰি গোচৰটোৰ পৰৱৰ্তী শুনানি ১০ জানুৱাৰী নিৰ্ধাৰণ কৰিছে। সেয়ে এতিয়া পঞ্চায়ত নিৰ্বাচন কেতিয়া অনুষ্ঠিত হব সেই সন্দৰ্ভত ১০ জানুৱাৰীতহে প্ৰকাশ পোৱাৰ সম্ভাৱনা আছে। উক্ত দিনাই এই গোচৰটোৰ ৰায়দানৰো সম্ভাৱনা আছে। এই ৰায়ৰ পাছতেই আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ বাট মুকলি হব।

 

গুৱাহাটী উচ্চ ন্যায়ালয় পঞ্চায়ত নিৰ্বাচন