/asomiyapratidin/media/media_files/2025/04/02/TDlc4mmhWMnIVNJ6ZHWZ.jpg)
ডিজিটেল ডেস্কঃ অসম চৰকাৰৰ সকলো কৰ্মচাৰীৰ ছুটী বাতিল কৰা হৈছে। ৰাজ্যত পঞ্চায়ত নিৰ্বাচনৰ বাবেই বাতিল কৰা হৈছে কৰ্মচাৰীৰ ছুটী। কোনো কৰ্মচাৰীক জৰুৰীকালীন ছুটীৰ প্ৰয়োজন হ’লে নিৰ্বাচন আয়োগৰ পৰা ছুটী ল’ব লাগিব। অন্যথা কোনো কৰ্মচাৰীয়ে লাভ নকৰিব ছুটী।
এই নিয়ম পঞ্চায়ত নিৰ্বাচন অন্ত নপৰালৈকে বাহাল থাকিব। উল্লেখ্য যে, পঞ্চায়ত নিৰ্বাচনৰ দিন এই পৰ্যন্ত ঘোষণা হোৱা নাই যদিও আজি বিয়লি ৫ বজাত নিৰ্বাচনৰ দিন ঘোষণা কৰিব ৰাজ্যিক নিৰ্বাচন আয়োগে। সন্ধিয়া ৫ বজাত পাঞ্জাবাৰীস্থিত ৰাজ্যিক নিৰ্বাচন আয়োগৰ সভাগৃহত ৰাজ্যিক নিৰ্বাচন আয়ুক্তই এক সংবাদ মেল সম্বোধন কৰিব।
এই সংবাদ মেলতে নিৰ্বাচনৰ দিন ঘোষণা কৰিব। উল্লেখ্য যে, নিৰ্বাচনৰ বাবে সম্পূৰ্ণৰূপে সাজু হৈ আছে নিৰ্বাচন আয়োগ। ইতিমধ্যেই আয়োগে ৰাজ্যৰ মুখ্য সচিবলৈ নিৰ্বাচন সংক্ৰান্তীয় নীতি নিয়ম সম্পৰ্কে এক জনানী জাৰি কৰি সকলো বিভাগকে নিৰ্বাচনৰ বাবে সাজু হৈ থাকিবলৈ আহ্বান জনাইছিল।
তাৰোপৰি ৰাজ্যত চলি থকা পঞ্চায়ত নিৰ্বাচনৰ বিতৰ্কৰ মাজতে যিকোনো সময়তে নিৰ্বাচন অনুষ্ঠিত কৰিব পৰাকৈ আয়োগ সাজু বুলিও অৱগত কৰিছিল। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সোমবাৰে এক ফেচবুৰ লাইভৰ জৰিয়তে ২ এপ্ৰিলৰ পৰা ৫ এপ্ৰিলৰ ভিতৰত পঞ্চায়ত নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ পূৰ্ণ সম্ভাৱনা আছে বুলি মন্তব্য কৰাৰ পাছতে মঙলবাৰে নিৰ্বাচন আয়োগে এক জাননীৰ জৰিয়তে আজিৰ সংবাদ মেলৰ বিষয়ে ৰাজ্যিক তথ্য আৰু জনসংযোগ বিভাগত অৱগত কৰিছিল।
ইফালে এইবাৰ পঞ্চায়ত নিৰ্বাচন পূৰ্বতকৈ পৃথক হোৱাৰে সম্ভাৱনাই প্ৰৱল। নতুন চাৰিসীমাৰে অনুষ্ঠিত হ'বলগীয়া এইবাৰৰ পঞ্চায়ত নির্বাচনত প্ৰথমবাৰৰ বাবে নাথাকিব দলীয় প্রতীক চিহ্ন। অৱশ্যে জিলা পৰিষদ আৰু আঞ্চলিক পঞ্চায়ত পৰ্যায়ত দলীয় প্রতীক চিহ্ন থাকিব।
ই ভি এমৰ অভাৱৰ বাবেই এইবাৰো পূৰ্বৰ দৰেই বেলট পেপাৰতে নির্বাচন অনুষ্ঠিত হ'ব। ইয়াৰ উপৰি এইবাৰ পূৰ্বৰ দৰে পঞ্চায়ত সভাপতিৰ পদৰ বাবে প্ৰত্যক্ষ নির্বাচন নহয়। গাঁও পঞ্চায়তৰ নিৰ্বাচিত সদস্যই নির্বাচন কৰিব পঞ্চায়ত সভাপতিগৰাকীক।
ইতিমধ্যে জিলাই জিলাই নতুন চাৰিসীমাৰে নতুন গাঁও পঞ্চায়ত, আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদ গঠন কৰা হৈছে।
আনহাতে, নতুন প্ৰক্ৰিয়াৰে পঞ্চায়ত, জিলা পৰিষদ গঠন কৰাৰ ফলত ঠায়ে ঠায়ে পঞ্চায়ত বিলুপ্তি হোৱাৰ সমান্তৰালকৈ, আন ক'ৰবাত আকৌ নতুন পঞ্চায়ত সৃষ্টি হৈছে। ক'ৰবাত জিলা পৰিষদ হ্ৰাস হৈছে আৰু আন ক'ৰবাত জিলা পৰিষদ বৃদ্ধি হৈছে।