/asomiyapratidin/media/media_files/2025/04/01/RfeEMKrNg3SdiieWMLaR.jpg)
ডিজিটেল ডেস্কঃ ২ এপ্ৰিল, বুধবাৰে ঘোষণা হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে পঞ্চায়ত নিৰ্বাচনৰ দিন। বুধবাৰে বিয়লি ৫ বজাত ৰাজ্যিক নিৰ্বাচন আয়ুক্তই সম্বোধন কৰিব এখন সংবাদ মেল।
অসম ৰাজ্যিক নিৰ্বাচন আয়োগৰ পঞ্জাবাৰীস্থিত কাৰ্যালয়ৰ সভাগৃহত সম্বোধন কৰিবলগীয়া এই সংবাদ মেলতে পঞ্চায়ত নিৰ্বাচনৰ দিন ঘোষণা কৰিব পাৰে। উল্লেখ্য যে, সোমবাৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ২ এপ্ৰিলৰ পৰা ৫ এপ্ৰিলৰ ভিতৰত নিৰ্বাচন আয়োগে পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰাৰ দিন ঘোষণা কৰিব বুলি উল্লেখ কৰিছিল।
আনকি তেওঁ পঞ্চায়ত নিৰ্বাচনৰ বাবেই একাদশ শ্ৰেণীৰ প্ৰশ্ন কাকত ফাদিল হোৱা পৰীক্ষা কেইটাও এইবাৰ অনুষ্ঠিত নকৰাকৈ থাকিব পাৰি নেকি সেই বিষয়ে বিবেচনা কৰিবলৈ শিক্ষা বিভাগ আৰু ব’ৰ্ডক আহ্বান জনাইছিল।
আনহাতে ৰাজ্যিক নিৰ্বাচন আয়োগে বহু পূৰ্বেই পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰিব পৰাকৈ তেওঁলোক সাজু হৈ আছে বুলি উল্লেখ কৰিছিল। প্ৰতিটো বিভাগলৈ ইতিমধ্যে নিৰ্বাচন আয়োগে নিৰ্বাচনৰ সময়ছোৱাত কি কৰিব পাৰিব, কি কৰিব নোৱাৰিব আদি সকলো নীতি, নিৰ্দেশনা জাৰি কৰি থৈছে।
ইফালে শীঘ্ৰেই নিৰ্বাচনৰ দিন ঘোষণা নকৰিলে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই ন্যায়ালয়ৰ কাষ চপাৰো হুংকাৰ দিছিল। তাৰ মাজতেই ১ এপ্ৰিল, ২০২২ মঙলবাৰে নিৰ্বাচন আয়োগে তথ্য আৰু জনসংযোগ বিভাগৰ সঞ্চালকলৈ সংবাদ মেল সম্পৰ্কে প্ৰেৰণ কৰা No. SEC. 47/2022/140 পত্ৰই পঞ্চায়ত নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ সম্ভাৱাণাক প্ৰৱল কৰি তুলিছে।