ডিজিটেল ডেস্কঃ আজি নিশা ১২ বজাৰ ভিতৰত গুৱাহাটী উচ্চ ন্যায়ালয়ে ৰায় প্ৰদান কৰিলে শীঘ্ৰেই ৰাজ্য চৰকাৰে অনুষ্ঠিত কৰিব পঞ্চায়ত নিৰ্বাচন। অন্যথা হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাৰ পাছতহে অনুষ্ঠিত হ’ব পঞ্চায়ত নিৰ্বাচন। আজি এই কথা ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।
অসম চৰকাৰৰ কেবিনেট বৈঠক সম্পন্ন হোৱাৰ পাছতে সংবাদ মেল সম্বোধন কৰি ড০ শৰ্মাই কয় যে, ন্যায়ালয়ে আজিৰ ভিতৰত ৰায় দিব বুলি আমি ৰৈ আছিলো। পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ আমি ৰৈ আছো। ১২ বজাৰ আগত ৰায় নাপালে হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ পাছতহে নিৰ্বাচন অনুষ্ঠিত কৰাৰ সিদ্ধান্ত ল’ব লাগিব। তেওঁ কয়, ১২ বজাৰ পূৰ্বে ৰায়দান নিদিলে পঞ্চায়ত নিৰ্বাচন পাতিব পৰা নাযাব।
উল্লেখ্য যে গুৱাহাটী উচ্চ ন্যায়ালয়ত কৰিমগঞ্জ জিলাৰ ১৯ খন পঞ্চায়তক লৈ হোৱা খেলিমেলিৰ বাবে এক গোচৰ চলি আছে। এই গোচৰতেই ন্যায়ালয়ে পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰাত বাধা প্ৰদান কৰি ৰাখিছে। গোচৰটোৰ ৰায় প্ৰদান কৰাৰ পাছতহে নিৰ্বাচন অনুষ্ঠিত কৰিব পৰা যাব। আজি গোচৰটোৰ চূড়ান্ত শুনানি হৈ যায় যদিও ন্যায়ালয়ে গোচৰৰ ৰায় সংৰক্ষিত কৰি ৰাখিছে।
সংবাকদ মেলত ড০ শৰ্মাই কেবিনেটত গ্ৰহণ কৰা সিদ্ধান্তৰ বিষয়েও উল্লেখ কৰিছে। তেওঁ জনোৱা অনুসৰি কেবিনেটে ২০০৬ চনত প্ৰাদেশিকীকৰণৰ পৰা বাদ পৰি যোৱা বিদ্যালয়সমূহক প্ৰাদেশিকীকৰণ কৰা হ’ব। ইয়াৰ বাবে ৩ জনীয়া সদস্যৰ এখন কমিটী গঠনত অনুমোদন জনাইছে কেবিনেটে। এই কমিটীৰ নেতৃত্বত থাকিব শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু।
আনহাতে ডিব্ৰুগড়ৰ প্ৰস্তাৱিত বনভূমিৰ শ্ৰেণী পৰিবৰ্তন কৰি ৰাজহ গাঁৱলৈ ৰূপান্তৰ কৰাৰো সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আজিৰ কেবিনেটত। মুখ্যমন্ত্ৰীয়ে জনোৱা অনুসৰি খিলঞ্জীয়া লোকে বাস কৰি থকা ভূমিত ৰাজ্য চৰকাৰে উচ্ছেদ নচলোৱাৰ সিদ্ধান্ত লৈছে।
তাৰোপৰি বজাৰসমূহত এতিয়াৰে পৰা শাক-পাচলি বিক্ৰীৰ ক্ষেত্ৰত বিক্ৰেতাই মহলদাৰক দিব নালাগে ধন। তেনে সামগ্ৰী বিক্ৰী কৰা লোকৰ পৰা মহলদাৰে ল’ব নোৱাৰিব ধন।