/asomiyapratidin/media/media_files/2025/05/01/DUh7L7H2qb67Dj1jKjd6.jpg)
ডিজিটেল সংবাদ বিহালীঃ ৰাজ্যত ২ মে'ত অনুষ্ঠিত হ'বলগীয়া তিনিতৰপীয়া পঞ্চায়ত নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ ভোট গ্ৰহণৰ বাবে সম্পূৰ্ণ সাজু বিহালী সমজিলা প্ৰশাসন৷ বিহালী সমজিলাৰ আয়ুক্ত ধ্ৰুৱজ্যোতি দাসে সদৰি কৰা অনুসৰি বিহালী বিধান সভা সমষ্টিৰ চাৰি জিলা পৰিষদ এলেকাৰ মুঠ ভোটাৰৰ সংখ্যা ১লাখ ৫১হাজাৰ ৩৬৬ টা৷
ইয়াৰে ভিতৰত বূৰৈ জিলা পৰিষদৰ ৬ টা গাওঁ পঞ্চায়ত এলেকাৰ ৩৬,৩৫৫ গৰাকী ভোটাৰ ভিতৰত পুৰুষ ভোটাৰ ১৮,২২৮ গৰাকী, মহিলা ভোটাৰ-১৮,১২৬ গৰাকী। বাঘমৰা জিলা পৰিষদৰ ৬ গাওঁ পঞ্চায়ত এলেকাৰ মুঠ ৫৩,১৫১ গৰাকী ভোটাৰৰ পুৰুষ ভোটাৰ ২৬,৬৭৩ গৰাকী, মহিলা ভোটাৰ ২৬,৪৭৬ গৰাকী আৰু অন্যান্য-২ গৰাকী।
বৰগাং জিলা পৰিষদৰ ৫ গাওঁ পঞ্চায়ত এলেকাৰ মুঠ ৩৪,৭৩৭ গৰাকী ভোটাৰৰ পুৰুষ ভোটাৰ ১৭,২৩৫ গৰাকী, মহিলা ভোটাৰ ১৭৫০১ গৰাকী আৰু অন্যান্য ১ গৰাকী। নিজ বিহালী জিলা পৰিষদৰ ৪ গাওঁ পঞ্চায়তৰ মুঠ ২৭,০৯৪ গৰাকী ভোটাৰৰ পুৰুষ ভোটাৰ ১৩,৭১৯ গৰাকী, মহিলা ভোটাৰ ১১,৩৩৭৫ গৰাকী।
ইয়াৰে ভিতৰত বূৰৈ জিলা পৰিষদ পদত শাসকীয় দলৰ প্ৰাৰ্থী গৰাকী বিনাপ্ৰতিদ্বন্দিতাৰে জয়ী হৈছে।নসমজিলা প্ৰশাসনৰ তথ্য অনুসৰি মহিলা ভোট গ্ৰহণ কেন্দ্ৰৰ সংখ্যা ১০ টা আৰু সৰ্বমুঠ ভোট গ্ৰহণ কেন্দ্ৰৰ সংখ্যা ২১০ টা। অতিৰিক্ত ভোট কেন্দ্ৰ ৫ টা স্থাপন কৰা হৈছে৷
ইপিনে বিহালী বিধান সভা সমষ্টিৰ অন্তৰ্গত ২১ খন গাওঁ পঞ্চায়ত এলেকাত অনুষ্ঠিতৱ্য ভোট গ্ৰহণ তথা নিৰ্বাচন প্ৰক্ৰিয়া পৰিচালনা কৰিবলৈ বিহালী সমজিলা প্ৰশাসনে ৪ গৰাকী জ'নেল বিষয়া আৰু ২১ গৰাকী চেক্টৰ বিষয়া নিয়োগ কৰিছে৷ তদুপৰি বিহালী সমজিলা আয়ুক্ত তথা প্ৰশাসনে সমষ্টিটোৰ নিৰ্বাচনী কাম-কাজ পৰিচালনাৰ বাবে প্ৰায় ১৫০ ৰো অধিক যান-বাহনৰ ব্যৱস্থা কৰাৰ লগতে আৰক্ষী-অৰ্ধসামৰিক বাহিনী সাজু কৰি তুলিছে৷
উল্লেখ্য যে বিহালী বিধান সভা সমষ্টিৰ ৫ টা ভোট গ্ৰহণ কেন্দ্ৰ স্পৰ্শকাতৰ ভোট গ্ৰহণ কেন্দ্ৰ হিচাপে চিহ্নিত কৰা হৈছে।