Advertisment

হঠাৎ ঘোষণা হ'ব পাৰে পঞ্চায়ত নিৰ্বাচনৰ অধিসূচনাঃ মুখ্য সচিবলৈ SECৰ পত্ৰ

যিকোনো সময়তে ৰাজ্যত অনুষ্ঠিত হ’ব পাৰে পঞ্চায়ত নিৰ্বাচন ! ৬ জানুৱাৰী, ২০২৫ ত অসম ৰাজ্যিক নিৰ্বাচন আয়োগে ৰাজ্যৰ মুখ্য সচিবলৈ পঞ্চায়ত নিৰ্বাচনৰ আচৰণ বিধি সন্দৰ্ভত প্ৰেৰণ কৰিছে এখন পত্ৰ।

author-image
Asomiya Pratidin
New Update
হঠাৎ ঘোষণা হ'ব পাৰে পঞ্চায়ত নিৰ্বাচনৰ অধিসূচনাঃ মুখ্য সচিবলৈ SECৰ পত্ৰ

ডিজিটেল ডেস্কঃ যিকোনো সময়তে ৰাজ্যত অনুষ্ঠিত হ’ব পাৰে পঞ্চায়ত নিৰ্বাচন ! ৬ জানুৱাৰী, ২০২৫ ত অসম ৰাজ্যিক নিৰ্বাচন আয়োগে ৰাজ্যৰ মুখ্য সচিবলৈ পঞ্চায়ত নিৰ্বাচনৰ আচৰণ বিধি সন্দৰ্ভত প্ৰেৰণ কৰিছে এখন পত্ৰ।

Advertisment

এই পত্ৰৰ জৰিয়তে নিৰ্বাচন আয়োগে যিকোনো সময়তে নিৰ্বাচন অনুষ্ঠিত কৰিব পৰাকৈ সাজু হৈ আছে বুলি জনাইছে। পত্ৰখনত আয়োগে উল্লেখ কৰিছে যে, পঞ্চায়ত নিৰ্বাচন ২০২৬ ৰ প্ৰেক্ষাপটত নিৰ্বাচন প্ৰক্ৰিয়া সুষ্ঠ আৰু স্বচ্ছ কৰিবলৈ নিৰ্বাচনৰ দিন ঘোষণাৰ লগে লগে মডেল কোড অফ কণ্ডাক্ট কাৰ্যকৰী হ’ব।

অসম ৰাজ্যিক নিৰ্বাচন আয়োগে পত্ৰখনত উল্লেখ কৰা অনুসৰি ভাৰতীয় নিৰ্বাচন আয়োগৰ প্ৰদত্ত মডেল কোড অফ কণ্ডাক্ট আৰু ইয়াৰ সৈতে সংশ্লিষ্ট নিৰ্দেশনাসমূহ পঞ্চায়ত নিৰ্বাচনত প্ৰযোজ্য হ’ব। তাৰোপৰি আয়োগে পত্ৰখনৰ জৰিয়তে জনাইছে যে, নিৰ্বাচন সুস্থ আৰু স্বচ্ছতাৰে পৰিচালনা কৰিবলৈ ঘোষণা কৰা আচৰণ বিধিৰ মূল বিষয়বস্তু নিৰ্বাচন আয়োগৰ ‘মডেল কোড অফ কণ্ডাক্ট মেনুৱেল’ (ডকুমেণ্ট ২১) ৰ নিৰ্দিষ্ট অনুচ্ছেদ (এনেক্সাৰ I, V, VI, XI  আৰু XVI) অনুসৰি গঠন কৰা হৈছে।

এই নিৰ্দেশনাসমূহ সংশ্লিষ্ট বিভাগসমূহলৈ প্ৰেৰণ কৰা হৈছে আৰু সেইসমূহ কঠোৰভাৱে পালন কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। ৰাজ্যিক নিৰ্বাচন আয়োগে স্পষ্ট কৰিছে যে, পঞ্চায়ত নিৰ্বাচনৰ অধিসূচনা জাৰি হোৱাৰ তাৰিখৰ পৰা নিৰ্বাচন আচৰণ বিধি বা মডেল কোড অফ কণ্ডাক্ট কাৰ্যকৰী হ’ব। ৰাজ্যৰ সকলো জিলাত ই প্ৰযোজ্য হ’ব।

উল্লেখ্য যে, ৰাজ্যত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত গুৱাহাটী উচ্চ ন্যায়ালয়ত দাখিল হোৱাৰ এক অভিযোগৰ ভিত্তিত নিৰ্বাচনত নিষেধাজ্ঞা জাৰি কৰি থৈছে। এই নিষেধাজ্ঞা পুনৰ বিবেচনাৰ বাবে আবেদন কৰিছে ৰাজ্য চৰকাৰে। 

সেয়ে এতিয়া পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হোৱাৰ ক্ষেত্ৰত ন্যায়ালয়ৰ ভূমিকাৰ ওপৰতে সকলো নিৰ্ভৰ কৰিছে। ন্যায়ালয়ে অনুমতি দিলেই ৰাজ্যত যে পঞ্চায়ত নিৰ্বাচনৰ অধিসূচনা জাৰি হ’ব সেয়া স্পষ্ট। 

হঠাৎ ঘোষণা হ'ব পাৰে পঞ্চায়ত নিৰ্বাচনৰ অধিসূচনাঃ মুখ্য সচিবলৈ SECৰ পত্ৰ

ৰাজ্যিক নিৰ্বাচন আয়োগ পঞ্চায়ত নিৰ্বাচন