/asomiyapratidin/media/media_files/2025/05/07/yKGJnZQWf2AfarS7RD0u.jpg)
ডিজিটেল ডেস্কঃ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ পাছতে পুনৰ বিভিন্ন স্থানত বিসংগতিৰ খবৰ আহিছে। নগাওঁ জিলাৰ বঢ়মপুৰ সমষ্টিৰ দক্ষিণ ননৈ গাওঁ পঞ্চায়তৰ চকৰি গাঁৱৰ ১ নং ৱাৰ্ডৰ প্ৰায় ৩০০ ভোটাৰৰ নাম ভোটাৰ লিষ্টত নহাৰ এক অভিযোগ উত্থাপন হৈছে।
ইয়াৰ পিছতেই ভোট গ্ৰহণ কেন্দ্ৰত উত্তপ্ত পৰিস্থিতিৰ সূচনা হৈছে। হাতে হাতে ভোটাৰ আই ডি লৈ ভোট দিবলৈ অহা ভোটাৰসকলে তেওঁলোকৰ নাম ভোটাৰ লিষ্টত নথকাৰ বাবেই ভোট দিবলৈ নোপোৱাক ক্ষোভিত হৈ পৰিছে আৰু ভোট কেন্দ্ৰটোত তলা উলমাই দিয়াৰ হুংকাৰ দিছে।
এই সন্দৰ্ভত এগৰাকী স্থানীয় যুৱকে কয়, আমি ভোটাৰ লিষ্টত দেখিছো বহু মানুহৰ নামৰ আগত স্বৰ্গীয় লিখা আছে। তেওঁলোকে সৰবৰ পৰা আহি ভোটদান কৰিব নেকি? যিবোৰ মানুহ জীয়াই আছে, বছৰ বছৰ ধৰি ভোটদান কৰি আহিছে তেওঁলোকৰ নাম ভোটাৰ লিষ্টৰ পৰা আঁতৰাই দিয়া হৈছে।
ভোটাৰ সকলে হাতে হাতে লৈ অহা ভোটাৰ আই ডি সমূহ দেখুৱাই যুৱকজনে আৰু কয়, আমি হাতে হাতে ভোটাৰ আই ডি লৈ আহিছো। কিন্তু আমাক ভোট দিবলৈ দিয়া নাই।
তেওঁ আৰু কয়, আমাৰ কোনো ৰাজনৈতিক দলৰ প্ৰতি আক্ষেপ নাই। কিন্তু আমি ভোটাৰ আই ডি থকাৰ পিছতো কিয় ভোট দিব নোৱাৰিম সেয়া চৰকাৰী বিষয়াই আহি বুজাই দিব লাগিব। যদিহে বুজাই নিদিয়ে তেন্তে এই ভোট কেন্দ্ৰত তলা লগাই দিয়া হ’ব।ইয়াত আজি ভোট দিব নোৱাৰিব। ভোটদান প্ৰক্ৰিয়া স্থগিত ৰাখিব লাগিব।
ইফালে ৱাৰ্ডটোৰ এগৰাকী মহিলা প্ৰাৰ্থীয়ে এই সন্দৰ্ভত কয়, আমাৰ ইয়াত প্ৰায় ৩০০ মানুহৰ ভোটাৰ লিষ্টত নাম অহা নাই। সেয়ে তেওঁলোকক ভোট দিবলৈ দিয়া নাই। কিন্তু সকলোৰে হাতত ভোটাৰ আই ডি আছে। যোৱা বছৰলৈকে এই সকলোৱে ভোট দি আহিছে। সেয়ে আমাৰ সকলোকে ভোট দিবলৈ দিব লাগিব। কম্পিউটাৰৰ এই যুগত ইমান ডাঙৰ ভুল কেনেকৈ হ’ব পাৰে।
উল্লেখ্য যে, শুৱালকুছিৰ দদৰাতো ভোট গ্ৰহণৰ সময়ত বিসংগতিক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতিৰ সূচনা হৈছে। এগৰাকী নিৰ্দলীয় প্ৰাৰ্থীৰ বেলট পেপাৰক তেওঁৰ নিৰ্বাচনী প্ৰতীক চিহ্ন ভুলকৈ অহাৰ অভিযোগ উঠিছে। জানিব পৰা দিপাঞ্জলী দাস নামৰ মহিলা প্ৰাৰ্থীগৰাকীৰ প্ৰতীক চিহ্ন ঘড়ী আছিল যদিও তেওঁৰ নামৰ বিপৰীতে আহিল গাড়ীৰ চিহ্ন। সেয়ে সৃষ্টি হোৱা উত্তপ্ত পৰিস্থিতিৰ মাজতে বন্ধ কৰি দিয়া হৈছে ভোটগ্ৰহণ প্ৰক্ৰিয়া।