/asomiyapratidin/media/media_files/2025/04/11/9hYR3kQZbW0N5lrZfbXj.jpg)
ডিজিটেল ডেস্কঃ পঞ্চায়ত নিৰ্বাচনৰ মনোনয়ন দাখিল পৰ্বৰ সময়তে কংগ্ৰেছ প্ৰাৰ্থীৰ ওপৰত বিজেপিৰ গুণ্ডা বাহিনীয়ে আতিশয্য চলোৱাৰ অভিযোগ উত্থাপন কৰিছে কংগ্ৰেছে। এই সন্দৰ্ভত কংগ্ৰেছৰ মিডিয়া বিভাগৰ সম্পাদক মনালিছা বৰুৱা হাজৰিকাই প্ৰেৰণ কৰা এক প্ৰেছ বিজ্ঞপ্তিত উল্লেখ কৰে যে, পঞ্চায়ত নিৰ্বাচনৰ প্ৰস্তুতি পৰ্বতে কংগ্ৰেছ প্ৰাৰ্থীসকলৰ ওপৰত ব্যাপক আতিশয্য চলাইছে ভাৰতীয় জনতা পাৰ্টীৰ সমৰ্থক একাংশ গুণ্ডা প্ৰকৃতিৰ লোকে।
শোণিতপুৰ আৰু বিশ্বনাথ জিলাত বহু প্ৰাৰ্থীক মনোনয়ন পত্ৰ দিয়াত বাধা দিছে বিজেপিৰ গুণ্ডা প্ৰকৃতিৰ লোকসকলে। শোণিতপুৰ জিলা আয়ুক্তৰ লগতে নদুৱাৰ সমজিলাৰ আয়ুক্তৰ ওচৰত অভিযোগ দিয়াৰ পিছতো কংগ্ৰেছৰ প্ৰাৰ্থীসকলে গুণ্ডাবাহিনীৰ কাৰণে মনোনয়ন পত্ৰ দাখিল কৰিব নোৱাৰিলে।
জামুগুৰিহাটৰ উন্নয়ন খণ্ডৰ কাৰ্যালয়ত শোণিতপুৰ জিলা কংগ্ৰেছৰ সভাপতি দাদুল বৰকটকীক একাংশ গুণ্ডাই শাৰিৰীকভাৱে অপদস্থ কৰাৰ লগতে এক হুলস্থূলীয়া পৰিস্থিতিৰ সৃষ্টি কৰে। গুণ্ডাবাহিনীয়ে শোণিতপুৰ জিলা মহিলা কংগ্ৰেছৰ সভাপতি সম্পূৰ্ণা শইকীয়া আৰু আন দুগৰাকী কংগ্ৰেছ কৰ্মীকো শাৰীৰিক আৰু মানসিক নিৰ্যাতন চলায়।
এই অগণতান্ত্ৰিক কাৰ্যৰ বিৰুদ্ধে ৰাজ্যজুৰি গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলা হ’ব বুলি আজি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন বৰাই এক বিবৃতিত উল্লেখ কৰিছে। বৰাই কয় যে, বিজেপি ভাৰতীয় সংবিধান আৰু গণতন্ত্ৰৰ ওপৰত বিশ্বাসী নহয়।
সেইবাবে তেওঁলোকে জোৰ যাৰ মুলুক তাৰ নীতি গ্ৰহণ কৰি আহিছে। গণতন্ত্ৰত যে, ৰাইজেই ৰজা সেই কথা এইবাৰৰ পঞ্চায়ত নিৰ্বাচনে বিজেপিক সোঁৱৰাই দিব বুলি উল্লেখ কৰি বৰাই কয় যে, বিজেপিৰ গুণ্ডাবাহিনীলৈ কংগ্ৰেছে ভয় নকৰে।
ব্ৰিটিছৰ গুলী খাই দেশ স্বাধীন কৰা কংগ্ৰেছীয়ে পঞ্চায়তত ৰাইজৰ জয় হোৱাতো বিচাৰে। তাৰবাবে সন্মুখৰ পৰা যুঁজ দিবলৈ সাজু হৈ আছে। বৰাই ৰাজ্যজুৰি কংগ্ৰেছ কৰ্মীৰ ওপৰত হোৱা নিৰ্যাতনৰ বিষয়টো ৰাজ্যৰ মুখ্য নিৰ্বাচনী আয়ুক্তৰ দৃষ্টিগোচৰ কৰে।