/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/02/pankaj-thakur.jpg)
ডিজিটেল ডেস্কঃ দীৰ্ঘদিনৰ অসুস্থতাৰ অন্তত বিশিষ্ট সাহিত্যিক, সাহিত্য সমালোচক, অনুবাদক তথা সাহিত্যসেৱী পংকজ ঠাকুৰৰে বৃহস্পতিবাৰে শেষ নিশ্বাস ত্য়াগ কৰে। পংকজ ঠাকুৰৰ মৃত্যুত অসমৰ সাহিত্য জগতখনত শোকৰ ছাঁ পৰিছে। বিভিন্নজনৰ লগতে অসম সাহিত্য সভাইয়ো শোক প্ৰকাশ কৰিছে।
এক শোকবাৰ্তাত অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক যাদৱ শৰ্মাই কয় যে, অসমৰ এগৰাকী বিশিষ্ট সাহিত্য সমালোচক , অনুবাদক তথা সাহিত্যসেৱী পংকজ ঠাকুৰৰ মৃত্যুত অসম সাহিত্য সভাৰ তৰফৰ পৰা গভীৰ শোক প্ৰকাশ কৰিছোঁ ।
দীর্ঘদিন জুৰি নিৰলসভাবে সাহিত্য সেৱাত ব্রতী প্রয়াত ঠাকুৰে বিশ্বাস পাটিল ৰচিত মাৰাঠী উপন্যাসৰ অসমীয়া অনুবাদ ' বিদিশ বাঘজাই'ৰ বাবে সাহিত্য অকাডেমী অনুবাদ বঁটা লাভ কৰিছিল । উল্লেখযোগ্য যে অসম সাহিত্য সভাই সাহিত্য অকাডেমীলৈ প্রয়াত ঠাকুৰ আৰু তেওঁৰ এই অনুবাদ গ্ৰন্থখন এই বঁটাৰ বাবে মনোনয়ন প্ৰেৰণ কৰিছিল ।
টাটা ইঞ্জিনিয়াৰিঙকে আদি কৰি একাধিক বহুজাতিক প্রতিষ্ঠানত সুখ্যাতিৰে কাৰ্যনিৰ্বাহ কৰা প্ৰয়াত ঠাকুৰদেৱ গুৱাহাটীৰ চেণ্টিনেল কাকত গোষ্ঠীৰ সৈতে নিবিড়ভাৱে জড়িত আছিল আৰু এই গোষ্ঠীৰ দ্বাৰা প্রকাশিত বহুকেইখন আলোচনী সম্পাদনা কৰিছিল । তদুপৰি সাহিত্য অকাডেমীয়ে বিভিন্ন ঠাইত আয়োজন কৰা সাহিত্য অনুষ্ঠানসমূহত নিয়মীয়াভাৱে আমন্ত্রিত অংশগ্রহণকাৰী ৰূপে প্ৰয়াত ঠাকুৰদেৱে তেওঁৰ ৰচনা তথা আলোচনা – বিশ্লেষণ পাঠ কৰি সমাদৰ অৰ্জন কৰিবলৈ সক্ষম হৈছিল ।
অসম সাহিত্য সভাৰ এগৰাকী পৰম হিতৈষী তথা শুভাকাংক্ষী প্রয়াত ঠাকুৰদেৱে অসমীয়া সাহিত্য তৰুণ প্রতিভাক সদায় উৎসাহ – উদ্দীপনাৰে আগবঢ়াই নিয়াত আগ- ভাগ লৈছিল । পংকজ ঠাকুৰৰ মৃত্যুত অসমীয়া সাহিত্য জগতে এগৰাকী নিষ্ঠাবান সাহিত্যসেৱী হেৰুৱালে আৰু অসম সাহিত্য সভাই এগৰাকী প্ৰকৃতাৰ্থত শুভ চিন্তকৰ সান্নিধ্যৰ পৰা বঞ্ছিত হ'ল ।
আমি অসম সাহিত্য সভাৰ তৰফৰ পৰা প্ৰয়াত ঠাকুৰদেৱৰ বিদেহ আত্মাৰ চিৰশান্তিৰ বাবে পৰমপিতাৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ আৰু শোকসন্তপ্ত পৰিয়ালৰ আটাইলৈকে গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/02/sahitya--768x1024.jpeg)