
ডিজিটেল সংবাদ, কামপুৰ : অসম চৰকাৰৰ প্ৰাথমিক বিদ্যালয়ৰ সৰ্বতোপ্ৰকাৰৰ মান নিৰ্ণায়ক গুণোৎসৱত একেধাৰে তৃতীয়বাৰৰ বাৰৰ বাবে 'A+' গ্ৰেড পাই গৌৰৱ অক্ষুণ্ণ ৰাখিবলৈ সক্ষম হৈছে কামপুৰৰ পলশাবাৰী প্ৰাথমিক বিদ্যালয়ে। নগাওঁ জিলাৰ কঠীয়াতলী শিক্ষাখণ্ডৰ অন্যতম পলশাবাৰী প্ৰাথমিক বিদ্যালয়ে বিগত বৰ্ষবোৰৰ দৰেই এইবৰ্ষতো ছাত্ৰ-ছাত্ৰী, শিক্ষক তথা অভিভাৱকসকলৰ প্ৰচেষ্টাত এই সফলতা লভিবলৈ সক্ষম হৈছে বুলি বিদ্যালয়খনৰ প্ৰধান শিক্ষক নিকুঞ্জ মোহন শৰ্মাই মন্তব্য কৰে ৷
প্ৰধান শিক্ষকজনে লগতে কয় যে বানাক্ৰান্ত কৃষি প্ৰধান অঞ্চলটোত শিক্ষাৰ মানদণ্ড উন্নয়নৰ বাবে কামপুৰৰ একমাত্ৰ উচ্চ শিক্ষানুষ্ঠান কামপুৰ মহাবিদ্যালয়ে লোৱা পদক্ষেপৰ বাবেও এই সফলতা পাবলৈ সক্ষম হয়। প্ৰধান শিক্ষক শৰ্মাই কামপুৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ অসীম কুমাৰ বৰাৰ লগতে আন আন প্ৰৱক্তা সকলক শলাগ লয়। লগতে বৰাই জনাই যে, কামপুৰ অঞ্চলৰ ভিতৰত সকলো দিশতে পিছপৰা এই কলাইখোৱা আৰু পলশাবাৰী গাঁৱৰ একমাত্ৰ চৰকাৰী বিদ্যালয় খনে ২০১৭ চনত A গ্ৰেড পাবলৈ সক্ষম হৈছিল।
এইবাৰো বিদ্যালয়খনে ৯২• ৮৭ শতাংশ নম্বৰ লাভ কৰিছে৷ উল্লেখ্য যে, বিদ্যালয়খনৰ আন্তঃগাঠনি উন্নয়নৰ বাবে সংশ্লিষ্ট বিভাগে গুৰুত্বপূৰ্ণ কাৰ্যব্যৱস্থা শীঘ্ৰে হাতত লৈ আচবাব আৰু শ্ৰেণীকোঠা বৃদ্ধিৰ কাৰণে পুঁজি আবন্তন দিব লাগে বুলি দাবী কৰে৷ আনফালে বিদ্যালয় খনৰ দুগৰাকী অনিয়মীয়া শিক্ষকৰ চাকৰী নিয়মীয়াকৰণ কৰাৰ বাবেও চৰকাৰৰ প্ৰতি অনুৰোধ জনাই প্ৰধান শিক্ষক নিকুঞ্জ মোহন শৰ্মাই। বুধবাৰৰ পুৱা বিদ্যালয়খনত উৎসৱমুখৰ এক পৰিৱেশে বিৰাজ কৰে ৷ প্ৰাতঃসভাতে অনুস্তুপীয়াকৈ এখন সভাও অনুস্থিত কৰে বিদ্যালয় কৰ্তৃপক্ষই ।
সভাত উপস্থিত থাকে কামপুৰ মহাবিদ্যালয়ৰ প্ৰৱক্তা দ্বয় ক্ৰমে বনশ্ৰী দেৱী, ড০ নুৰুল হাছানৰ লগতে স্থানীয় সমাজকৰ্মী লক্ষীন্দ্ৰ মেধি, সাংবাদিক ৰূপ জ্যোতি ভূঞা, বিদ্যালয়খনৰ প্ৰধান শিক্ষক নিকুঞ্জ মোহন শৰ্মাৰ লগতে সহঃ শিক্ষকসকল ক্ৰমে ইৰা হাজৰিকা, শশী মোহন গগৈ, বিন্তুী বৰা, জুমি দাস লগতে ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱক সকল।
বিদ্যালয় খনত উপস্থিত থকা সকলক বিহুৱান আৰু জাপিৰে সম্বৰ্ধনা জনাই বিদ্যালয় কৰ্তৃপক্ষই। উপস্থিত অতিথি সকলে বক্তব্যৰ জৰিয়তে বিদ্যালয়ৰ এই ধাৰা ভৱিষ্যতেও বৰ্তাই ৰাখিবলৈ চেষ্টা চলাই ৰাজ্যৰ ভিতৰত এখন জাকত জিলিকা গঢ়ি তুলিব মত পোষণ কৰে।